CM vigilance: পুনৰ উৎকোচ লৈ জালত লাট মণ্ডল - Morigaon
🎬 Watch Now: Feature Video
মৰিগাঁও,26 জুন: লোভে পাপ, পাপে মৃত্যু ৷ এই বাক্য শাৰী যেন একাংশ চৰকাৰী কৰ্মচাৰীৰ বাবে হে প্ৰযোজ্য ৷ কাৰণ বৰ্তমানেও একাংশ লাট মণ্ডলে ঘোচ ল’বলৈ কুণ্ঠাবোধ নকৰা হৈছে ৷ চৰকাৰে যিমানে দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ হৈছে সিমানে ধন লোৱাত ব্যস্ত একাংশ চৰকাৰী কৰ্মচাৰী ৷ ৰাজ্যৰ বিভিন্ন ৰাজহ চক্ৰত লুভীয়া লাট মণ্ডল হাতে-লোটে গ্ৰেপ্তাৰ হোৱা পিচতো ধন লোভী লাট মণ্ডলৰ কৰ্মকাণ্ডত অতিষ্ঠ ৰাইজ ৷
সোমবাৰে মৰিগাঁৱত মুখ্যমন্ত্ৰী দুৰ্নীতি নিবাৰক শাখাৰ অভিযান ৷ অভিযানৰ সময়তে হাতে-লোটে পুনৰ গ্ৰেপ্তাৰ কৰিলে লাট মণ্ডল নৱজ্যোতি নাথক ।
মৰিগাঁও ৰাজহ চক্ৰৰ দন্দুৱা,বনপৰা আৰু লোচনাবৰী লাট মণ্ডলৰ দায়িত্বত আছিল লাট মণ্ডল নৱজ্যোতি নাথ ৷ কিন্তু নাথে এজন লোকৰ পৰা মাটি-বাৰীৰ যাৱতীয় কাম কৰি দিয়াৰ নামত 30,000 টকা বিচাৰিছিল ৷
সোমবাৰে 30,000 টকাৰ আগধন হিচাপে এজন ব্যক্তিৰ পৰা 15,000 টকা লৈ আছিল ৷ তেনে সময়তে মুখ্যমন্ত্ৰীৰ দুনীৰ্তি নিবাৰক শাখাই লাট মণ্ডল নৱজ্যোতি নাথক হাতে-লোটে গ্ৰেপ্তাৰ কৰে ৷
লগতে পঢ়ক:Manipur violence : মণিপুৰত শান্তি প্ৰতিষ্ঠাৰ বাবে সামাজিক সংগঠন-ধৰ্মীয় নেতাৰ ওচৰলৈ যাব মুখ্যমন্ত্ৰী