Civil Services Study Centre: দৰং মহাবিদ্যালয়ত অসামৰিক সেৱাৰ অধ্যায়ন কেন্দ্ৰ মুকলি

By

Published : Jun 10, 2023, 9:13 PM IST

thumbnail

তেজপুৰ,১০ জুন: তেজপুৰৰ ঐতিহাসিক দৰং মহাবিদ্যালয়ত অসম চৰকাৰৰ ৰাজ্যিক উদ্ভাৱনা আৰু ৰূপান্তৰ আয়োগৰ উদ্যোগত অসামৰিক সেৱাৰ এটা অধ্যয়ন কেন্দ্ৰ আনুষ্ঠানিক ভাৱে শুভাৰম্ভ কৰে "ৰাজ্যিক উদ্ভাৱনা আৰু ৰূপান্তৰ আয়োগ" ৰ উপাধ্যক্ষ ধ্ৰুৱপ্ৰসাদ বৈশ্যই (Civil Services Study Centre inaugurated at Darrang College) ।

দৰং মহাবিদ্যালয়ৰ পৰিচালনা আৰু উন্নয়ন সমিতিৰ অন্তঃৰ্ৱৰ্তীকালীন সভাপতি খগেশ্বৰ বৰকাকতি, অধ্যক্ষ ড৹ পলাশমণি শইকীয়াকে ধৰি একাংশ শিক্ষক-শিক্ষয়িত্ৰীৰ উপস্থিতিত এই শুভাৰম্ভণী কৰাৰ পিছত মহাবিদ্যালয়খনৰ সভাকক্ষত অনুষ্ঠিত হয় এক বিশেষ অনুষ্ঠানৰ (Civil Services Study Centre) ।  

আনহাতে ৰাজ্যিক উদ্ভাৱনা আৰু ৰূপান্তৰ আয়োগৰ সহকাৰী গৱেষণা বিষয়া দ্বিজেন্দ্ৰ সিং হাজাৰী, জন সম্পৰ্কৰক্ষী বিষয়া এল যোতে, তেজপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ জ্যোতিকমল হাজৰিকা, তেজপুৰ উন্নয়ন কৰ্তৃপক্ষৰ অধ্যক্ষ বিৰাজ নাথ, শোণিতপুৰ জিলাৰ সহকাৰী আয়ুক্ত দিব্যাংগনা মহন উপস্থিত থকা শুভাৰম্ভণি অনুষ্ঠানটিত মহাবিদ্যালয়খনৰ অধ্যক্ষ ড৹ পলাশমণি শইকীয়াই আদৰণী ভাষণ প্ৰদান কৰি এই কেন্দ্ৰটোত আগন্তুক ১ আগষ্টৰ পৰা মহাবিদ্যালয়খনৰ হিচাপে থাকি এনেদৰে মন্তব্য কৰে (Darrang College in Tezpur) ৷  

অনুষ্ঠানটিত উদ্বোধক ধ্ৰুৱপ্ৰসাদ বৈশ্যই ভাষণ প্ৰদান কৰি অসমত উৎসৰ্গিত সেৱাৰ মনোভাৱেৰে কাম কৰিব পৰা একাংশ বিষয়াৰ সৃষ্টিৰ লক্ষ্যৰে চৰকাৰে এনে অধ্যয়ন কেন্দ্ৰ গঢ়ি তোলাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি মন্তব্য কৰে ৷ আগন্তুক পাঁচবছৰলৈ বৰ্তমানে অসম চৰকাৰে এই কেন্দ্ৰ চলাবলৈ ৫০ লাখ টকাৰ অনুদান ঘোষণা কৰাৰ পিছত আজি এই অনুষ্ঠানতে প্ৰথম কৃষ্টিৰ ১০ লাখ টকাৰ চেক অৰ্পণ কৰে । 

লগতে পঢ়ক: Drinking water issue: বিশুদ্ধ নহয়, নদীৰ পানীয়েই ভৰষাৰ স্থল এখন গাঁৱৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.