thumbnail

Junmoni Rabha mysterious death: জোনমণি ৰাভাৰ মৃত্যুৰ তদন্ত কৰিবলৈ নগাঁও সদৰ আৰক্ষী থানাত উপস্থিত চিআইডিৰ দল

By

Published : May 17, 2023, 9:43 PM IST

নগাঁও, 17 মে’: জোনমণি ৰাভাৰ মৃত্যুৰ তদন্ত কৰিবলৈ নগাঁও সদৰ আৰক্ষী থানাত উপস্থিত চি আই ডিৰ দল ৷ সোমবাৰে নিশা নগাঁৱৰ জখলাবন্ধাত এক পথ দুর্ঘটনাত নিহত হোৱা অসম আৰক্ষীৰ উপ পৰিদৰ্শক জোনমণি ৰাভাৰ মৃত্যুৰ পিছতে উত্থাপন হৈছিল বহু প্ৰশ্নৰ ৷ জোনমণি ৰাভাৰ মৃত্যুক সহজভাৱে ল'ব পৰা নাই পৰিয়ালে (Junmoni Rabha mysterious death) ৷  

জোনমণি ৰাভাৰ মৃত্যু সন্দৰ্ভত তদন্ত কৰিবলৈ অসম আৰক্ষীৰ অনুসন্ধান শাখা চমুকৈ চি আই ডিক দায়িত্ব অৰ্পণ কৰিছে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙে ৷ ডিজিপি জি পি সিঙৰ নিৰ্দেশৰ পিছতেই তৎপৰ হৈ পৰিছে চিআইডি ৷ বুধবাৰে দিনৰ ভাগতেই দুৰ্ঘটনা সংঘটিত হোৱা স্থান পৰিদৰ্শন কৰাৰ পিছত সন্ধিয়া নগাঁও সদৰ আৰক্ষী থানাত উপস্থিত হয় চিআইডিৰ দল (CID team at Nagaon Police Station) ৷  

চিআইডিৰ আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰাৰ নেতৃত্বত এটা দল নগাঁও সদৰ আৰক্ষী থানাত উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত ৷ নগাঁও আৰক্ষীৰ সাক্ষ্য গ্ৰহণ কৰাৰ সম্ভাৱনা আছে চিআইডিৰ দলটোৱে (SI Junmoni Rabha)  ৷

লগতে পঢ়ক: Junmoni Rabha mysterious death: জোনমণি ৰাভাৰ দুৰ্ঘটনাৰ তদন্ত কৰিবলৈ জখলাবন্ধাত অপৰাধ অনুসন্ধান শাখাৰ দল

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.