কলগাছিয়াত বেকী নদীত শিশুৰ মৃতদেহ উদ্ধাৰ - Fakhruddin Ali Ahmed Medical College
🎬 Watch Now: Feature Video
বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ(Kolgachia Police Station) অন্তৰ্গত জয়পুৰৰ বেকী নদীত (child death body recovered in Beki river) মঙলবাৰে এটি অচিনাক্ত কন্যা শিশুৰ মৃতদেহ উদ্ধাৰ হয় । ঘটনাৰ বিৱৰণি অনুসৰি স্থানীয় ৰাইজে মৃতদেহটো বেকী নদীত ওপঙি থকা অৱস্থাত প্ৰত্যক্ষ কৰি কলগাছিয়া আৰক্ষীক খবৰ দিয়ে(child body recovered in Kalgasia)। পিছত কলগাছিয়া আৰক্ষীয়ে স্থানীয় ৰাইজ আৰু গাঁওবুঢ়াৰ সহযোগত মৃতদেহটো উদ্ধাৰ কৰি থানালৈ আনে । পিছত আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে বৰপেটাৰ ফখৰুদ্দিন আলি আহমেদ চিকিৎসা মহাবিদ্যালয়লৈ (Fakhruddin Ali Ahmed Medical College) প্ৰেৰণৰ ব্য়ৱস্থা কৰে ।
Last Updated : Feb 3, 2023, 8:28 PM IST