Charaibahi committee bhaona: চৰাইবাহীত ১৬৫ বছৰীয়া ত্ৰি বাৰ্ষিক কমিটী ভাওনাৰ আয়োজন

By

Published : Nov 5, 2022, 3:34 PM IST

Updated : Feb 3, 2023, 8:31 PM IST

thumbnail
মৰিগাঁও চৰাইবাহীত শনিবাৰে পৰম্পৰাগত ত্ৰি-বাৰ্ষিক কমিটী ভাওনাৰ লগত সংগতি ৰাখি এক সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰে বিধায়ক ৰমাকান্ত দেউৰীয় (MLA Ramakanta Deouri inaugurated cultural rally ) ৷ ৰাজ্যৰ ভিতৰতে উল্লেখযোগ্য মৰিগাঁও জিলা চৰাইবাহী কমিটী ভাওনা মহোৎসৱ (Charaibahi committee bhaona)৷ ১৮৫৮ চনৰ মহাৰাণী ভিক্টোৰিয়াৰ দিনৰে পৰাই মৰিগাওঁ জিলাৰ বৃহত্তৰ চৰাইবাহী কমিটী ভাওনা স্থলীত অংকীয়া নাট প্ৰদৰ্শন কৰি অহাৰ লগতে এই বছৰৰ ১৬৫ বছৰীয়া ত্ৰি বাৰ্ষিক চৰাইবাহী কমিটী ভাওনা উদযাপন সমিতিয়ে বৃহৎ বৰ্ণাঢ্য কাৰ্য্যসূচীৰ আয়োজন কৰিছে ৷ আজি কমিটী ভাওনা উপলক্ষে অঞ্চলটোত এক সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয় (Cultural rally for Charaibahi committee bhaona )৷ এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে তিৱা স্বায়ত্ত পৰিষদৰ মনোনীত সদস্য অজিত ডেকা, কবি-সাংবাদিক কল্পতৰু চৌধুৰী, চৰাইবাহী সাংস্কৃতিক প্ৰকল্প, নাট মন্দিৰ তথা ঐতিহাসিক কমিটী ভাওনা উদযাপন সমিতিৰ সম্পাদক দিগন্ত কুমাৰ নাথৰ লগতে কেইবাজনো গণ্যমান্য ব্যক্তি ৷
Last Updated : Feb 3, 2023, 8:31 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.