Chain snatching: পিষ্টল দেখুৱাই দুজনীয়া দুৰ্বৃত্তই কাঢ়িলে মহিলাৰ ডিঙিৰ চেইন - চিলনী চোৰৰ ত্ৰাস
🎬 Watch Now: Feature Video


Published : Nov 3, 2023, 4:15 PM IST
গুৱাহাটী, 3 নৱেম্বৰ: মহানগৰীত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে চিলনী চোৰৰ সন্ত্ৰাস ৷ শুকুৰবাৰে পুনৰ মহানগৰীৰ হেঙেৰাবাৰীৰ DC অফিচৰ সমীপত চিলনী চোৰে থপিয়ালে মহিলাৰ ডিঙিৰ চেইন ৷ ঘটনাৰ বিৱৰণী অনুসৰি, শুকুৰবাৰে পুৱা প্ৰায় 7.30 বজাত বাইকত অহা দুজনীয়া দুৰ্বৃত্তৰ দল এটাই পিষ্টল দেখুৱাই এগৰাকী মহিলাৰ ডিঙিৰ পৰা কাঢ়ি লৈ যায় সোণৰ চেইন। মহিলাগৰাকীয়ে কিবা কয় মানে চোৰ দুটাই তীব্ৰবেগেৰে পলায়ন কৰে ৷
লগে লগে মহিলাগৰাকীয়ে ঘটনা সন্দৰ্ভত দিছপুৰ থানাত এজাহাৰ দাখিল কৰিছে । এই এজাহাৰৰ ভিত্তিত গোচৰ ৰজু কৰি আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে যদিও এই পৰ্যন্ত দুৰ্বৃত্তৰ সম্ভেদ উলিয়াব পৰা নাই। ইফালে বৃহস্পতিবাৰে মহানগৰীৰ চচলতো অনুৰূপ ঘটনা সংঘটিত হৈছিল ৷
উল্লেখ্য যে, মহানগৰীত ক্ৰমাৎ চিলনী চোৰে ত্ৰাসে মহানগৰবাসীক ত্ৰাহি মধুসূদন সোঁৱৰাইছে যদিও এইক্ষেত্ৰত এতিয়ালৈ কোনো কঠোৰ পদক্ষেপ লোৱা নাই প্ৰশাসনে ৷ ফলত দিনক দিনে এনে ঘটনা বৃদ্ধি হৈছে ৷
লগতে পঢ়ক: Blade attack in Nagaon: ব্লেডেৰে আক্ৰমণ কৰি ডেলিভাৰী বয়ৰ জেপ লুটিলে দুৰ্বৃত্তই