thumbnail

By ETV Bharat Assamese Team

Published : Nov 18, 2023, 1:17 PM IST

ETV Bharat / Videos

শতবৰ্ষ উপলক্ষে এশখন পতাকা উত্তোলন কৰিলে দেৰগাঁও সাহিত্য সভাই

দেৰগাঁও, 18 নৱেম্বৰ: শনিবাৰে সাহিত্যৰত্ন চন্দ্ৰধৰ বৰুৱা ক্ষেত্ৰ আৰু চন্দ্ৰনাথ খাউণ্ড ভৱনত অনুষ্ঠিত কৰা হৈছে দেৰগাঁও সাহিত্য সভাৰ শতবৰ্ষৰ আৰম্ভণি অনুষ্ঠান । এই উপলক্ষে পুৱা সাহিত্যৰত্ন চন্দ্ৰধৰ বৰুৱা ক্ষেত্ৰ উন্মোচন কৰে দেৰগাঁও সাহিত্য সভাৰ প্ৰাক্তন সভাপতি নীলপদ্ম ফুকনে ৷ তাৰ পাছতেই দেৰগাঁও সাহিত্য সভাৰ সভাপতি অজিত চন্দ্ৰ দত্ত আৰু উদযাপন সমিতিৰ সভাপতি নুৰুল চুলতান আৰু 98 গৰাকী বিশিষ্ট ব্যক্তিৰ দ্বাৰা এশখন পতাকা উত্তোলন কৰাৰ পাছত স্মৃতি তৰ্পণ কৰে উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি অশ্বিনী বৰঠাকুৰে ৷

ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ আৱক্ষ মূৰ্তিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে যোৰহাট জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড° ৰাতুল চন্দ্ৰ বৰাই । অনুষ্ঠানৰ সৈতে সংগতি ৰাখি আয়োজিত কৰা মুকলি সভাত অসমৰ কেইবাজনো বিশিষ্ট ব্যক্তি ।

লগতে পঢ়ক: গোলাঘাটত অব্যাহত বন্যহস্তীৰ উপদ্ৰৱ, নিৰ্লিপ্ত বন বিভাগ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.