Burning of intoxicants: বলবমৰ সময়ত জব্দ কৰা নিচাজাতীয় সামগ্ৰী দাহন - বলবমৰ সময়ত জব্দ কৰা নিচাজাতীয় সামগ্ৰী দাহন
🎬 Watch Now: Feature Video
Published : Sep 3, 2023, 4:49 PM IST
গুৱাহাটী,৩ ছেপ্টেম্বৰ: গুৱাহাটীৰ বশিষ্ঠ মন্দিৰৰ সমীপত দেওবাৰে দাহন কৰা হয় ড্ৰাগছ আৰু গাঞ্জাকে ধৰি বিভিন্ন নিচাজাতীয় সামগ্ৰী । পবিত্ৰ বলবম উৎসৱৰ সময়ত জব্দ কৰা হৈছিল এইসমূহ নিষিদ্ধ সামগ্ৰী । বলবম পৰিচালনা সমিতি, বশিষ্ঠ মন্দিৰ পৰিচালনা সমিতি, যুৱ ঐক্য মঞ্চ, বশিষ্ঠ প্ৰেছ ক্লাৱৰ লগতে বিভিন্ন দল-সংগঠনৰ উদ্যোগত আজি ৰাজহুৱাকৈ দাহন কৰা হয় এইসমূহ নিষিদ্ধ সামগ্ৰী ।
উল্লেখ্য যে এই বৰ্ষত পবিত্ৰ বলবম পালন কৰা হৈছে দহটাকৈ দেওবাৰত । শাওন মাহত অনুষ্ঠিত হোৱা পৱিত্ৰ বলবম ৰাজ্যৰ লগতে মহানগৰীৰ বশিষ্ট আশ্ৰমতো পালন কৰা হৈছিল । বলবমত বশিষ্ঠ আশ্ৰমত ভক্তিৰ নামত একাংশ দুষ্টচক্ৰৰ সমাগম ঘটিছিল । বলবমৰ সময়ত উদ্ধাৰ হৈছিল ড্ৰাগছ, মদ, ভাঙকে ধৰি বিভিন্ন নিচাজাতীয় সামগ্ৰী ।
লক্ষণীয় বিষয় যে, এইবাৰৰ বল বমত নিশা ড্ৰাগছ আসক্তৰে ভৰি পৰিছিল বশিষ্ঠ মন্দিৰৰ চৌহদ । নিশা হাতে হাতে ড্ৰাগছ লৈ মন্দিৰ চৌহদত প্ৰৱেশৰ চেষ্টা কৰিছিল ভক্তৰ ৰূপত নিচাসক্ত একাংশ যুৱকে । স্থানীয় ৰাইজৰ উদ্যোগত বলবমত জব্দ হৈছিল প্ৰতিদিনে বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰী । জব্দকৃত এই নিচাযুক্ত সামগ্ৰীসমূহ আজি বশিষ্ঠ মন্দিৰ প্ৰাংগনতেই দাহন কৰা হয় । ইয়াৰ উপৰিও বিভিন্ন প্ৰকাৰৰ অস্ত্ৰ-শস্ত্রও জব্দ হৈছিল এই বল বমত । এই অস্ত্ৰ-শস্ত্রসমূহো এই কাৰ্যসূচীতে নষ্ট কৰি দিয়া হয় ।
লগতে পঢ়ক: Honour killing: নাবালিকা কন্যাক ধৰ্ষণ কৰি হত্যা সতীয়া পিতৃৰ
TAGGED:
Burning of intoxicants