অভিযন্তা দিৱসত বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়ো

By

Published : Sep 16, 2022, 12:54 PM IST

Updated : Feb 3, 2023, 8:28 PM IST

thumbnail
কোকৰাঝাৰৰ নিকটৱৰ্তী বালাগাঁও স্থিত কেন্দ্ৰীয় প্ৰযুক্তি প্ৰতিষ্ঠান চমুকৈ চিআইটিৰ চৌহদত বৃহস্পতিবাৰে অভিযন্তা দিৱস উদযাপন কৰা হয় (Engineer's Day celebration)৷ বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে সন্ধিয়া অনুষ্ঠিত হোৱা অনুষ্ঠানটিৰ বন্তি প্ৰজ্বলনৰে শুভাৰম্ভ কৰে(BTR Chief Executive Pramod Boro at Engineer's Day) ৷ বিটিআৰ পৰিষদীয় চৰকাৰৰ উদ্যোগত উদযাপিত হোৱা অভিযন্তা দিৱসত বিটিআৰৰ পাঁচখন জিলাৰ প্ৰায় শতাধিক অভিযন্তাই অংশগ্ৰহণ কৰে ৷ অনুষ্ঠানত 'বিটিআৰৰ উন্নয়নৰ যাত্ৰাত অভিযন্তাৰ ভূমিকা' শীৰ্ষক এক বিষয়ৰ ওপৰত বিটিআৰ প্ৰধানগৰাকীয়ে বক্তব্য আগবঢ়ায়৷ অনুষ্ঠানটোত অভিযন্তাসকলৰ কেপাচিটি বিল্ডিং আৰু বিভিন্ন ক্ষেত্ৰত প্ৰশিক্ষণ দিয়াৰ বাবে মুখ্য কাৰ্যবাহী প্ৰজেক্ট মেনেজমেণ্ট চাৰ্টিফিকেচন প্ৰগাম ফৰ ইঞ্জিনিয়াৰ অফ বিটিআৰ কাৰ্যসূচীৰ শুভ উন্মোচন কৰা হয়৷ উন্মোচন কৰে আই আই টি গুৱাহাটীৰ সঞ্চালক প্ৰফেচাৰ সীতাৰামে ৷
Last Updated : Feb 3, 2023, 8:28 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.