Bodoland University: ক’ত অন্তৰ্ধান হ’ল বড়োলেণ্ড বিঃ বিঃৰ উপাচাৰ্য ড৹ লাইশ্ৰাম লাড্ডু সিং ? - Dr Laishram Laddu Singh
🎬 Watch Now: Feature Video
কোকৰাঝাৰ, ২০ জুলাই: গ্ৰেপ্তাৰৰ পৰা সাৰিবলৈ জামিন লোৱা বিষয়টো সংবাদমাধ্যমত ফাদিল হোৱাৰ পিচতে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড৹ লাইশ্ৰাম লাড্ডু সিং বৃহস্পতিবাৰে হঠাৎ অন্তৰ্ধান হৈ পৰে ৷ বিশ্ববিদ্যালয় কৰ্তৃপক্ষক কোনোধৰণৰ লিখিত কথা অৱগত নকৰাকৈ উপাচাৰ্যগৰাকী অন্তৰ্ধান হয় ।
বৃহস্পতিবাৰে পুৱা কাৰ্যালয়ৰ পৰা কেইবাটাও ফাইল লৈ বিশ্ববিদ্যালয়ৰ পৰা ওলাই গৈছে উপাচাৰ্য ড৹ লাইশ্ৰাম লাড্ডু সিং । উপাচাৰ্য লাইশ্ৰাম লাড্ডু সিঙৰ বিৰুদ্ধে আছে বিশ্ববিদ্যালয়ৰ পুঁজিৰ অসৎ ব্যৱহাৰৰ লগতে নীতি বৰ্হিভূতভাৱে সাক্ষাৎকাৰ লোৱাৰ অভিযোগ ৷
উপাচাৰ্যগৰাকী অন্তৰ্ধান হোৱাৰ কথা সংবাদমাধ্যমৰ আগত স্বীকাৰ কৰিছে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড৹ সুবুং বসুমতাৰীয়ে । পঞ্জীয়কগৰাকীয়ে জানিবলৈ দিয়া মতে লাইশ্ৰাম লাড্ডু সিঙৰ গ্ৰেপ্তাৰ আৰু জামিন লোৱাৰ বিষয়টো বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ অন্যান্য কৰ্তৃপক্ষই জনা নাছিল ৷ কিছুদিন পূৰ্বে ৰাজ্য চৰকাৰৰ উচ্চ শিক্ষা বিভাগৰ অতিৰিক্ত সচিব কবিতা ডেকাৰ পৰা পত্ৰ লাভ কৰাৰ পিচতহে তেওঁলোকে এই বিষয়ে অৱগত হোৱা বুলি কয় পঞ্জীয়ক ড৹ সুবুং বসুমতাৰীয়ে ৷
উল্লেখ্য যে নিৰ্মাণকাৰ্য আৰু নিযুক্তি সম্পৰ্কীয় ৯ টা ফাইল মুখ্যমন্ত্ৰীৰ তদাৰকী শাখাই যোৱা ২০২২ চনৰ ৩ আগষ্টতে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপচাৰ্যৰ কাৰ্যালয়ৰ পৰা জব্দ কৰি লগত লৈ গৈছিল । ইয়াৰ পিচৰ পৰ্যায়ত উপাচাৰ্য লাইশ্ৰাম লাড্ডু সিঙৰ বিৰুদ্ধে গ্ৰেপ্তাৰৰ জাননী জাৰি কৰিছিল ৷ কিন্তু লাইশ্ৰাম লাড্ডু সিঙে জামিন লৈ কাম কৰ্তব্যৰত হৈ আছিল ৷
লগতে পঢ়ক: ABSU PROTEST: বড়োলেণ্ড বিঃবিঃৰ উপাচাৰ্য লাইশ্ৰাম লাড্ডু সিঙক অপসাৰণৰ দাবীত এবছুৰ প্ৰতিবাদ