Bodofa Upendra Nath Brahma statue: জোনাইত বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ প্ৰতিমূৰ্তিৰ শুভ উন্মোচন
🎬 Watch Now: Feature Video
জোনাই, ১৪ ছেপ্টেম্বৰ : চিমেন চাপৰি নিখিল বড়ো ছাত্র সন্থাৰ ধেমাজি জিলা সমিতিৰ মুখ্য কাৰ্যালয়ত মুখ্য উপেন্দ্ৰনাথ ব্ৰহ্মৰ প্ৰতিমূৰ্তি শুভ উন্মোচন ৷ বড়োসকলৰ ৰাজনৈতিক আৰু সামাজিক উন্নতিৰ বাবে আজীৱন নিজকে উৎসৰ্গা কৰিছিল বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মই ৷ নিখিল বড়ো ছাত্র সন্থাৰ ধেমাজি জিলা সমিতিৰ মুখ্য কাৰ্যালয়ত বৃহস্পতিবাৰে মিচিং স্বায়ত্ব শাসিত পৰিসদৰ মুখ্য কাৰ্যবাসী সদস্য পৰমানন্দ চায়েঙীয়াই এই প্ৰতিমূৰ্তিৰ শুভ উন্মোচন কৰে ৷
মিচিং স্বায়ত্ব শাসিত পৰিষদৰ ২০২২-২৩ বিত্তীয় বৰ্ষৰ পুঁজিৰে প্ৰায় ১০ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ সম্পূৰ্ণ কৰা বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ প্ৰতিমূৰ্তিৰ শুভ উন্মোচন সভাত মিচিং স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য নৰেশ কুম্বাং, মলেন্দ্ৰ নাৰ্জাৰী, ৰাজু মেদক, ভৱানী দূৱৰা, সাধাৰণ সদস্য ৰাতিৰাম বসুমতাৰী, ববিকান্ত পেগু, পূব জোনাই জিলা পৰিষদৰ সদস্য অতুল পেগু, শোভাৰাণী বসুমতাৰী আৰু গণশক্তি জোনাই খণ্ড শক্তিৰ কেইবাগৰাকী নেতৃবৃন্দ উপস্থিত থাকে ।
লগতে পঢ়ক : MAC campus at Jonai: মিচিং স্বায়ত্তশাসিত পৰিষদ চৌহদৰ বেৰ নিৰ্মাণৰ বিৰুদ্ধে চিমেন চাপৰিত ৰাজহুৱা সভা