২১ কিয় ৫১ টা দল মিলিও বিজেপি পৰাভূত কৰিব নোৱাৰে : ভৱেশ কলিতা

By

Published : Jun 15, 2023, 8:24 PM IST

thumbnail

বৰপেটা, ১৫ জুন: ২১ টা নহয় ৫১ টা দল লগ লাগিলেও বিজেপি মহাশক্তিক পৰাভূত কৰিব নোৱাৰে ৷ বৰপেটাৰ হাউলীত বৰপেটা লোকসভা ভিত্তিত মহাজনসম্পৰ্ক অভিযানৰ অংশ হিচাপে অনুষ্ঠিত বিশাল জনসভাত এই মন্তব্য বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ ৷ লগতে তেওঁ কয় যে, কংগ্ৰেছে কেৱল তোষামোদ কৰি আৰু পৰিয়ালবাদ কৰি কৰি দেশখনক বৰ্বাদ কৰি দিছে ৷ আগন্তুক লোকসভা নিৰ্বাচনত জনসাধাৰণে বিজেপি মিত্ৰজোঁটকে জয়যুক্ত কৰিব বুলিও মন্তব্য কৰে ভৱেশ কলিতাই ৷ 

আনহাতে বৰপেটাত বহুদিন পদুম ফুলাম ফুলাম বুলি ভাবি থকা মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰো আশা এইবেলি '২৪ৰ নিৰ্বাচনত বৰপেটা লোকসভা সমষ্টিত পদুম ফুলিব ৷ ধুবুৰী বৰপেটাৰ সংখ্যালঘু জনসাধাৰণেও এইবাৰ প্ৰধানমন্ত্ৰী মোদীক ভোট দিব বুলি মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে দাবী কৰে ৷ বৃহস্পতিবাৰে বৰপেটা, নলবাৰী আৰু বঙাইগাও জিলা বিজেপিৰ নেতা কৰ্মীৰ উপস্থিতিত অনুষ্ঠিত বিশাল জনসভাখনত বিজেপিৰ সভাপতি ভৱেশ কলিতা, মন্ত্ৰী ৰণজিৎ কুমাৰ দাস, ৰাজ্যসভাৰ সাংসদ ভূৱনেশ্বৰ কলিতাকে ধৰি দলৰ ৰাজ্যিক সমিতিৰ বহুকেইগৰাকী নেতাই অংশগ্ৰহণ কৰে ৷ প্ৰবল বৰষুণ আৰু প্ৰতিকুল বতৰকো নেওচি বিপুল সংখ্যক বিজেপি কৰ্মী সমৰ্থকে অংশগ্ৰহণ কৰে জনসভাখনত । 

লগতে পঢ়ক: Man Elephant conflict: বন্যহস্তীৰ উপদ্ৰৱ, কথমপি প্ৰাণৰক্ষা এজনৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.