Felicitation to freedom fighters: ১০৩ বছৰীয়া মুক্তিযোদ্ধা টংক বৰাক জম্মদিনৰ ওলগ - Dhemaji Belguri Satra

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Aug 27, 2023, 5:09 PM IST

ধেমাজি, ২৭ আগষ্ট: ধেমাজি জিলাৰ জামুগুৰি কোচ গাঁৱৰ প্ৰবীন সমাজকৰ্মী, মুক্তিযোদ্ধা টংক বৰাৰ ১০৩ সংখ্যক জন্ম দিনটো দেওবাৰে নিজ বাসগৃহত কেক কাটি পালন কৰা হয় ৷ প্ৰথমে বন্তি প্ৰজ্বলন কৰি আশাৰ্বাদ দিয়ে ধেমাজি বেলগুৰি শাখা সত্ৰৰ সত্ৰাধিকাৰ মুনীন্দ্ৰ নাৰায়ণ মহন্তই ৷ কেক কটাৰ লগে লগে আয়তীৰ মংগল উৰুলিৰে মুখৰ হৈ পৰে ককাৰ বাসগৃহ । কেক কটাত সহযোগ কৰে ধেমাজি জিলাৰ অতিৰিক্ত আয়ুক্ত ঋতুপল্লৱ বৰুৱাাই ৷  

ধেমাজি জিলাৰ অতিৰিক্ত আয়ুক্ত ঋতুপল্লৱ বৰুৱাাই মুক্তিযোদ্ধা টংক বৰাৰ কৰ্মৰাজি আৰু ত্যাগৰ ওপৰত চমু ভাষণ আগবঢ়ায় ৷ প্ৰবীন গান্ধীবাদী নেতাগৰাকীৰ ১০৩ বছৰীয়া জন্মদিনৰ ওলগ জনাই ধেমাজি সদৰ প্ৰেছ ক্নাৱৰ সভাপতি অশ্বিনী দুৱৰা, স্থানীয় ৰাইজ আৰু ধেমাজিৰ অগনন শুভাকাংক্ষীয়ে ৷ এই বিশেষ দিনটোত মুক্তিযোদ্ধা টংক বৰাই অতীতৰ তিতা মিঠা কথাবোৰ ৰোমন্থন কৰে ৷ ইপিনে,তেওঁ বৃদ্ধ পেঞ্চনৰ ধন বৃদ্ধিৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকো সাক্ষাৎ কৰি দাবী জনাইছিল বুলিও কয় ।

লগতে পঢ়ক:Osteoporosis Causes and Symptoms: অষ্টিঅ’পৰ’ছিছ কি ? কি কি কাৰণত এই ৰোগ হ’ব পাৰে ?

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.