Durga Puja 2023: ডিব্ৰুগড়ৰ কছাৰী ঘাটত দেৱী বিসৰ্জন - Festival vibes in Assam
🎬 Watch Now: Feature Video


Published : Oct 24, 2023, 5:07 PM IST
ডিব্ৰুগড়,২৪ অক্টোবৰ: আজি বিজয়া দশমী । এক উৎসৱমুখৰ পৰিৱেশৰ চাৰিদিনৰ অন্তত ডিব্ৰুগড় চহৰৰ বিশাল ব্ৰহ্মপুত্ৰ নদীৰ কছাৰী ঘাটত দেৱীক বিসৰ্জনৰ প্ৰক্ৰিয়া ইতিমধ্য়ে আৰম্ভ হৈছে । প্ৰশাসনে দেৱী বিসৰ্জনৰ বাবে সকলো ধৰণৰ ব্যৱস্থা কৰিছে । দেৱী বিসৰ্জনস্থলীত কোনোধৰণৰ বিশৃংখল পৰিস্থিতি সৃষ্টি নহয় তাৰ বাবে আৰক্ষীয়ে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে ।
প্ৰতিটো বিভাগৰ বিষয়াসকলক সুচাৰুৰূপে দায়িত্ব পালন কৰিবলৈ অতিৰিক্ত জিলা আয়ুক্ত অসীম বৰগোহাঁইয়ে নিৰ্দেশ প্ৰদান কৰিছে । ইতিমধ্যে শান্তি-শৃংখলা বজাই ৰাখি কাছাৰী ঘাটত দেৱী বিসৰ্জন দিয়া অব্যাহত আছে । চহৰখনত অনুষ্ঠিত হোৱা ১১৫ খন পূজাৰ মা দুৰ্গাৰ মৃন্ময় প্ৰতিমা এই ঘাটত বিৰ্সজন দিয়া হ'ব । বিসৰ্জনস্থলীত উৎসৱমুখৰ পৰিৱেশ বিৰাজ কৰা পৰিলক্ষিত হৈছে ।
লগতে পঢ়ক: Durga Puja 2023 : পৰম্পৰা অনুসৰি প্ৰথমে বিসৰ্জন শিৱ দৌলৰ প্ৰতিমা