thumbnail

By ETV Bharat Assamese Team

Published : Jan 10, 2024, 1:50 PM IST

ETV Bharat / Videos

প্ৰাক ভোগালীৰ আনন্দত মতলীয়া ধেমাজিৰ গোঁহাই চাপৰি মহিলাসকল

ধেমাজি, 10 জানুৱাৰী : প্ৰাক ভোগালীৰ আনন্দত মতলীয়া ৰাজ্যবাসী ৷ ৰাজ্যজুৰি চলিছে ভোগালীক আদৰা ব্যাপক প্ৰস্তুতি ৷ অসমীয়াৰ ভোগৰ উৎসৱ ভোগালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন বাকী ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ধেমাজিতো গ্ৰামাঞ্চলৰ যুৱকসকলে ভোগালীৰ বাবে ভেলাঘৰ আৰু মেজি নিৰ্মাণৰ বাবে দিনে-নিশাই প্ৰস্তুতি চলোৱা দেখিবলৈ পোৱা গৈছে ৷

সমান্তৰালভাৱে বোৱাৰীসকলো ঢেঁকীশালত ব্যস্ত হৈ পৰিছে ৷ ধেমাজি বৰদলনিৰ শস্য-মৎস্যৰে চহকী গাঁও গোঁহাই চাপৰিৰ এটা চুবুৰীৰ মহিলাসকলে ৰূপামনি চেতিয়া নামৰ মহিলাগৰাকীৰ ঘৰত সমৱেত হৈ একেটা ঢেঁকীতে প্ৰত্যেক ঘৰৰ কাৰণে চিৰা-পিঠা খুন্দিছে ৷ প্ৰতিবছৰে তেওঁলোকে এইদৰেই বিহুৰ সময়ত পিঠা-পনা তৈয়াৰ কৰে ৷

বিহুত নিজৰ পৰিয়ালৰ লগতে আলহী অতিথিক আপ্যায়নৰ বাবে বিধে বিধে পিঠা-লাড়ুৰ উপৰিও আহোম অধ্যুষিত গাঁওখনৰ পৰম্পৰাগত থলুৱা পানীয় সাজপানী-ৰহি প্ৰস্তুত কৰিছে ৷ মুঠৰ ওপৰত একেলগে ভোগালীৰ জলপান প্ৰস্তুত কৰি গাঁওখনৰ মহিলা-বোৱাৰী-শাহু সকলোৱে মিলি জাত জাত বিহু গীত জুৰি প্ৰাক ভোগালী বিহু উদযাপনৰ বাবে প্ৰস্তিতি কৰিছে ৷

লগতে পঢ়ক : ৰহাত মহামৃত্যুঞ্জয় মন্দিৰৰ আৰ্হিত প্ৰায় 50 ফুট উচ্চতাৰ ভেলাঘৰ নিৰ্মাণ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.