Beneficiary families deprived of ration cards:ৰেচন কাৰ্ডৰ তালিকাত নাম নাই দৰিদ্ৰ পৰিয়ালৰ - দৰিদ্ৰ পৰিয়াল আজিও বঞ্চিত ৰেচন কাৰ্ডৰ পৰা

🎬 Watch Now: Feature Video

thumbnail

By

Published : Aug 8, 2023, 4:57 PM IST

দলগাঁও, ৮ আগষ্ট : প্ৰতিজন দুখীয়া দৰিদ্ৰ পৰিয়ালক বিনামূলীয়া চাউল যোগান ধৰাৰ কথা চৰকাৰে কৈ আহিছে যদিও সেয়া বাস্তৱত পৰিলক্ষিত হোৱা নাই একাংশ ঠাইত । অভিযোগ মতে, দৰঙৰ বৰুৱাঝাৰ সমবায় সমিতিৰ অধীনস্থ খাৰুপেটীয়াৰ নিকটৱৰ্তী জংঘলপাৰা গাঁৱৰ শতাধিক দুখীয়া দৰিদ্ৰ পৰিয়াল আজিও বঞ্চিত ৰেচন কাৰ্ডৰ পৰা । বাৰম্বাৰ আবেদন নিবেদন কৰিও তেওঁলোকে নাপালে ৰেচন কাৰ্ড ।

তথাকথিত দুৰ্নীতিমুক্ত চৰকাৰৰ দিনতো টকা নিদিলে নহয় কাম । টকা নিদিয়াৰ বাবে জংঘলপাৰা গাঁৱৰ বহু দুখীয়া দৰিদ্ৰ পৰিয়াল ৰেচন কাৰ্ডৰ তালিকাৰ পৰা বঞ্চিত হোৱাৰ বিপৰীতে বহু ধনী পৰিয়ালৰ নাম ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত হোৱাৰ অভিযোগ উত্থাপন কৰে বঞ্চিত পৰিয়ালসমূহে । ৰেচন কাৰ্ডৰ তালিকাত নিজৰ নাম অন্তৰ্ভুক্ত নোহোৱাত ক্ষোভিত হৈ পৰিছে এইসকল লোক । পৰিয়ালসমূহৰ অভিযোগ যে ৰেচন কাৰ্ডৰ কাম লৈ গ’লেই তেওঁলোকে পইচা ভৰিবলগীয়া হয় ৷ কিন্তু কাম কেতিয়াও হৈ নুঠে ৷ এই ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষই তদন্তৰ জৰিয়তে বঞ্চিত পৰিয়ালসমূহক ৰেচন কাৰ্ড প্ৰদানৰ ব্যৱস্থা কৰিবলৈ ‌দাবী জনাইছে বঞ্চিত পৰিয়ালসমূহে ৷

লগতে পঢ়ক : Mission Indradhanush:দৰঙত টীকাকৰণ সপ্তাহৰ শুভ উদ্বোধন

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.