Operation against Child Marriage : সৰভোগ আৰক্ষী থানা চৌহদত শোকাকুল পৰিৱেশ
🎬 Watch Now: Feature Video
বৰপেটা, 5 অক্টোবৰ: ৰাজ্যত অব্যাহত আছে বাল্য বিবাহ বিৰোধী অভিযান ৷ বৰপেটা জিলাৰ সৰভোগতো আৰক্ষীয়ে বাল্য বিবাহৰ বিৰুদ্ধে অভিযান চলায় ৷ সৰভোগ আৰক্ষীয়ে অভিযান চলাই পিতা-পুত্ৰসহ 13 জন লোকক আটক কৰে ৷
সৰভোগ আৰক্ষীয়ে আটক লোকসকল হ’ল ভৈৰৱপুৰ গাঁৱৰ আব্দুল জলিল, ইমান আলী, বগৰীগুৰি গাঁৱৰ আব্দুল জলিল, ওচমান আলী, সাহপুৰ গাঁৱৰ ফয়েজ আলী, বান্দৰখোৱা গাঁৱৰ আচিম উদ্দিন, ৰাজিদুল ইছলাম, বগৰীগুৰি পথাৰৰ জয়নাল মণ্ডল, চাহিদ আলী আৰু খুদনাবাৰী গাঁৱৰ জুব্বাৰ আলী আৰু আচমত আলী ৷
আৰক্ষীয়ে আটক কৰা লোকসকলক বুধবাৰে বৰপেটা আদালতলৈ নিয়াৰ সময়ত এক শোকাকুল পৰিৱেশৰ সৃষ্টি হয় ৷ থানা চৌহদৰ ভিতৰতে কান্দোনত ভাঙি পৰে আৰক্ষীয়ে আটক কৰা লোকসকলৰ পত্নী আৰু পৰিয়ালৰ লোকে ৷ শীঘ্ৰে আটক কৰা লোকক সকলক মুকলি কৰি দিবলৈ আহ্বান জনায় ভুক্তভোগী পৰিয়ালৰ লোকে ৷
লগতে পঢ়ক:Operation against child marriage : কলগাছিয়াত বাল্য বিবাহৰ বিৰুদ্ধে অভিযান; কাজীসহ মুঠ 20 জনক আটক