Flood in Assam : বৰলীয়া নৈৰ বাঢ়নী পানীয়ে উটুৱাই নিলে বাঁহৰ দলং

By

Published : Jun 23, 2023, 11:11 AM IST

thumbnail

ৰঙিয়া, 23 জুন : ফেনে-ফুটুকাৰে বাঢ়িছে ৰাজ্যৰ নৈ-উপনৈসমূহ ৷ ৰঙিয়াৰ সমীপৰ বৰঘুলীত বৰলীয়া নৈয়ে চলাইছে তাণ্ডৱ । বাঢ়নী পানীয়ে উটুৱাই নিলে বাঁহৰ এখন দলং । স্থানীয় ৰাইজে বাঁহৰ দলংখনেৰে যাতায়ত কৰি থাকোতেই বানৰ প্ৰৱল সোঁতত উটি যায় দলংখন । কথমপি প্ৰাণ ৰক্ষা পৰিছে কেইবাজনো লোকৰ ।

বাঢ়নী পানীয়ে দলংখন উটুৱাই নিয়াৰ ফলত এতিয়া হাহাকাৰ কৰিব লগাত পৰিছে নৈপৰীয়া ৰাইজে । আনকি নৈখনৰ দুয়ো পাৰৰ প্ৰায় কুৰিখন গাঁৱৰ উটি যোৱাত নানান সমস্যাত পৰিছে অঞ্চলটোৰ জনসাধাৰণ । বৃহত্তৰ অঞ্চলটোৰ ৰাইজে দান বৰঙণি তুলি নিৰ্মাণ কৰিছিল বাঁহৰ দলংখন ।

দলংখনৰে অঞ্চলটোৰ জনসাধাৰণে তুলসীবাৰী আৰু কাউবাহাৰ লগত যোগাযোগ ৰক্ষা কৰি আহিছিল । কিন্তু এতিয়া দলংখন বাঢ়নী পানীয়ে উটুৱাই নিয়াত দুচিন্তাত পৰিছে বৃহত্তৰ অঞ্চলটোৰ নৈপৰীয়া ৰাইজ । বছৰে বছৰে ৰাইজে নিজেই দান বৰঙণি আগবঢ়াই দলংখন নিৰ্মাণ কৰি উলিয়াইছিল ৷

কিন্তু হঠাৎ বৰলীয়া নৈৰ বাঢ়নী পানীয়ে দলংখন উটুৱাই নিয়াত যাতায়ত বন্ধ হৈ পৰিছে ৷ ৰাইজৰ সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি যথোবিহিত ব্যৱস্থা ল’বৰ বাবে চৰকাৰৰ ওচৰত জনসাধাৰণে দাবী জনাইছে ।

লগতে পঢ়ক : Flood in Assam: পহুমাৰা নদীৰ মথাউৰি ভাগিল পাঠশালাত

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.