Ayushman Bharat Card: ডিফুত আয়ুস্মান ভাৰত কাৰ্ডৰ বিতৰণ অনুষ্ঠান - জিলা উপায়ুক্ত মধুমিতা ভাগৱতী

🎬 Watch Now: Feature Video

thumbnail

By

Published : May 27, 2023, 10:14 PM IST

ডিফু, ২৭ মে': প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ জন কল্যাণ যোজনাৰ জৰিয়তে দেশৰ দৰিদ্ৰ লোকসকলৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি চিকিৎসাৰ অৰ্থে আয়ুস্মান কাৰ্ড বিতৰণ কৰা হৈছে (Ayushman Bharat Card distribution programme)৷  শনিবাৰে কাৰ্বি আংলং জিলা প্ৰশাসনৰ উদ্যোগত ডিফুস্থিত আৱৰ্ত ভৱনৰ সন্মিলন কক্ষত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ সভাত হিতাধিকাৰীসকলক আনুষ্ঠানিকভাৱে আয়ুস্মান কাৰ্ডৰ  বিতৰণ কৰা হয় ৷ ১৯ নং ডিফু জনজাতীয় বিধানসভা সমষ্টিৰ বিধায়ক বিদ্যাছিং ইংলেং, জিলা উপায়ুক্ত মধুমিতা ভাগৱতীকে ধৰি স্বাস্থ্য আৰু বিভিন্ন বিভাগৰ বিষয়া কৰ্মীৰ উপস্থিতিত জিলাখনৰ প্ৰায় ১,০০০ হিতাধিকাৰীক আয়ুস্মান কাৰ্ড আনুষ্ঠানিকভাৱে বিতৰণ কৰা হয় ৷  

সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত বিধায়ক বিদ্যাছিং ইংলেঙে কয় যে, আয়ুস্মান কাৰ্ডৰ জৰিয়তে দৰিদ্ৰ লোকসকলক ৫ লাখ টকাৰ আৰ্থিক সাহায্য আগবঢ়োৱা হৈছে  ৷ ইয়াৰদ্বাৰা দৰিদ্ৰ লোকসকল উপকৃত হ’ব ৷ এতিয়াৰে পৰা ৰেছন কাৰ্ডধাৰী দৰিদ্ৰ লোকসকলে ডিফু চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাল, ছয়মাইল কেথলিক হাস্পাতাল, মাঞ্জা , বকলীয়া আৰু হাওৰাঘাটতো এই আয়ুস্মান কাৰ্ড বনাব পাৰিব ৷  

আনহাতে আগতীয়াকৈ অনলাইনযোগে এই কাৰ্ড বনোৱা হিতাধিকাৰীসকলৰ কাৰ্ডৰ বাবে চিন্তা কৰাৰ কাৰণ নাই, কাৰণ তেনেবোৰ আয়ুস্মান কাৰ্ডো চিকিৎসাৰ কামত কাৰ্ডৰ চৰ্তাৱলী অনুসৰি ব্যৱহাৰ কৰিব পাৰিব বুলি মন্তব্য কৰে বিধায়কগৰাকীয়ে ৷

লগতে পঢ়ক: Theft for marriage: হাতত বিয়াৰ জেতুকা; উপহাৰ আৰক্ষীৰ হেণ্ডকাফ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.