thumbnail

By

Published : Oct 18, 2022, 9:29 PM IST

Updated : Feb 3, 2023, 8:29 PM IST

ETV Bharat / Videos

TAYPA Press meet: মেঘালয়ৰ মূখ্যমন্ত্ৰী কনৰাড ছাংমালৈ চাওলুং ছ্যুকাফা বৰ অসম সমন্বয় বঁটা

বৃহত্তৰ অসমীয়া জাতিৰ স্ৰষ্টা চাওলুং চ্যুকাফাৰ পবিত্ৰ স্মৃতিত মেঘালয়ৰ মূখ্যমন্ত্ৰী কণৰাড ছাংমালৈ আগবঢ়োৱা হ'ব চাওলুং ছ্যুকাফা বৰ অসম সমন্বয় বঁটা(Chaolung Sukaphaa Bor Assam Coordination Award) । মৰাণত সংবাদমেলৰ জৰিয়তে এই কথা সদৰি কৰে অসমৰ অন্যতম সংগঠন টাই আহোম যুৱ পৰিষদ অসম চমুকৈ টাইপাই । উল্লেখযোগ্য যে টাই আহোম যুৱ পৰিষদ অসম চমুকৈ টাইপাৰ কেন্দ্ৰীয় সমিতিৰ আহ্বানত মৰাণ মহকুমা সমিতি আৰু মৰাণ আঞ্চলিক সমিতিৰ উদ্যোগত তথা মৰাণবাসীৰ সহযোগত দুদিনীয়া কাৰ্যসূচীৰে তিলৈ গ্ৰাম্য বজাৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰিব লৈছে অষ্টম বাৰ্ষিক কেন্দ্ৰীয় ছ্যূ-কা-ফা দিৱস । আজি তাৰে পৰিপেক্ষিতত মৰাণ নগৰৰ মাজমজিয়াত এটি অস্থায়ী কাৰ্যালয় মুকলিৰ পাছতে এখন সংবাদমেল সম্বোধন কৰি এই কথা উল্লেখ কৰে টাইপাই(ward to meghalaya CM Conrad Sangma) । কেন্দ্ৰীয় ছ্যু-কা-ফা দিৱসৰ দ্বিতীয় দিনৰ কাৰ্যসূচীত অৰ্থাৎ ২ ডিচেম্বৰত মেঘালয়ৰ মুখ্যমন্ত্ৰীগৰাকীক প্ৰদান কৰিব এই বঁটা ।
Last Updated : Feb 3, 2023, 8:29 PM IST

For All Latest Updates

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.