Auto driver beaten: চিকিৎসক দম্পতীৰ বাহন আগত যাবলৈ নিদিয়াৰ বাবে অট’ চালকক গুৰুলা গুৰুলকৈ প্ৰহাৰ - চালকজন গুৰুতৰভাৱে আহত

🎬 Watch Now: Feature Video

thumbnail

By

Published : Aug 1, 2023, 10:50 PM IST

শিলচৰ, 1 আগষ্ট : চিকিৎসক দম্পতীৰ কু-কীৰ্তি ৷ ৰাজপথত আগে আগে গৈ থকা এখন অট’ৱে তেওঁলোকৰ বাহনখন পাৰ হ’বলৈ নিদিয়াৰ বাবেই অট’ চালকক উপৰ্যুপৰি প্ৰহাৰ চিকিৎসকৰ ৷ এই ঘটনা শিলচৰৰ ৰংপুৰত সংঘটিত হৈছে ৷ এই ঘটনাৰ পিচতেই উত্তেজিত ৰাইজে চিকিৎসক দম্পতীৰ বাহনখন ভাঙি চুৰমাৰ কৰে ৷ 

ঘটনাৰ সবিশেষ তথ্য অনুসৰি এটা ব্যক্তিগত চেম্বাৰৰ কামৰ অন্তত চিকিৎসক দম্পতীয়ে ঘৰ অভিমুখে গৈ আছিল ৷ তেনেকুৱাতে চিকিৎসকৰ বাহনখনৰ আগে আগে এখন অট’ গৈ থাকে ৷ অট’ ৰিক্সাখনৰ চালকজনে চিকিৎসক দম্পতীৰ বাহনখন পাৰ হৈ যাবলৈ নিদিয়াৰ বাবেই পাৰমিতা পাল নামৰ চিকিৎসকগৰাকী অট’ চালকজনৰ সৈতে প্ৰথমে কাজিয়াত লিপ্ত হয়। 

স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি চিকিৎসকগৰাকীৰ স্বামীয়ে গাড়ীৰ পৰা নামি অট’ চালকজনক প্ৰহাৰ কৰিবলৈ আৰম্ভ কৰে। আক্ৰমণৰ ফলত চালকজন গুৰুতৰভাৱে আহত হয় ৷ 

পৰৱৰ্তী সময়ত উত্তেজিত ৰাইজে চিকিৎসকৰ বিলাসী বাহনখন ভাঙি পেলায় । পৰিস্থিতি অধিক ভয়াৱহ হোৱাৰ লগে লগে চিকিৎসক দম্পতীয়ে সেই স্থানৰ পৰা পলায়ন কৰে। ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে ৰক্তাক্ত অৱস্থাত অট’ চালকজনক উদ্ধাৰ কৰি শিলচৰ মেডিকেল কলেজলৈ চিকিৎসাৰ বাবে প্ৰেৰণ কৰে ৷

লগতে পঢ়ক: Illegal Wood Seized:লখিমপুৰত প্ৰায় চাৰিলাখ টকাৰ চোৰাং শিমলু কাঠ জব্দ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.