ATSA protest in Titabor: বৰহোলাত চাহ শ্ৰমিকৰ ভূমি পট্টাৰ দাবীত আটছাৰ ধৰ্ণা

By

Published : Jun 19, 2023, 2:22 PM IST

thumbnail

তিতাবৰ, ১৯ জুন: চাহ শ্ৰমিকসকলক শোষণ আৰু বঞ্চনা কৰা দাবীত বৰহোলা চাহ বাগিছাৰ কাৰ্যালয়ৰ সন্মুখত সোমবাৰে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে চাহ জনজাতি ছাত্র সন্থাই ( আটছা) ৷ চাহ বাগিছাৰ শ্ৰমিক সকলে দীৰ্ঘদিনৰ পৰা সন্মুখীন হৈ অহা বিভিন্ন সমস্য়া সমাধানৰ দাবীত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ  কৰে ।

এই প্ৰতিবাদকাৰীসকলে চাহ বাগিছাৰ শ্ৰমিকসকলৰ দখলত থকা ভূমি পট্টা প্ৰদান কৰা, বাগিছাখনত কৰ্মৰত স্থায়ী কৰ্মচাৰীৰ নাম কৰ্তনৰ পিচত নতুনকৈ নিযুক্তি লাভ কৰা কৰ্মচাৰীৰ চাকৰি তিনি মাহৰ ভিতৰত নিয়মীয়াকৰণৰ দাবী জনায় । তেওঁলোকে বাগিছাখনৰ শ্ৰমিকসকলৰ বাসগৃহ মেৰামতি আৰু বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা কৰা, বাগিছাৰ দৰিদ্ৰ সীমাৰেখাৰ তলৰ শ্ৰমিক ছাত্ৰ ছাত্ৰীক উচ্চ শিক্ষা গ্ৰহণৰ কাৰণে আৰ্থিক অনুদান প্ৰদান,অৱসৰ গ্ৰহণ কৰাৰ পিচত শ্ৰমিক-কৰ্মচাৰীৰ ভৱিষ্যত নিধি ধন শীঘ্ৰে আদায় দিয়া,বাগিছাখনৰ চিকিৎসালয়ৰ চৌহদত চিকিৎসক কৰ্মচাৰীৰ কাৰণে আৱাসৰ ব্যৱস্থা কৰাকে ধৰি বিভিন্ন সমস্যাৰ সমাধানৰ দাবীত ২ ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে ।  এই দাবী পূৰণ নকৰিলে আটছা ৰাজপথলৈ ওলাই অহাৰ হুংকাৰ দিছে ।

লগতে পঢ়ক:Flood in Assam : শাকতোলা মঠাউৰি ছিগি যোৱাৰ আশংকাত ত্ৰস্তমান দৰংবাসী

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.