Cops loot gold from Railway passenger : খাকী পোচাকত লাগিল দাগ; ৰে’লযাত্ৰীৰ পৰা সোণ কাঢ়ি অন্তৰ্ধান আজমল আৰু দুই সহযোগী - ৰে’লযাত্ৰীৰ পৰা সোণ কাঢ়ি অন্তৰ্ধান আজমল

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Nov 6, 2023, 1:34 PM IST

গুৱাহাটী, 6 নৱেম্বৰ : অথন্তৰ ! আজমল নামিছে এইবাৰ ডকাইতিত ৷ এইবাৰ আজমলে ৰে’লযাত্ৰীৰ পৰা বলপূৰ্বকভাৱে সোণ কাঢ়ি নিয়াৰ অভিযোগ উত্থাপন হৈছে ৷ কেৱল আজমলেই নহয়, আজমলক এই কামত সহায় কৰিছে তেওঁৰ দুই সহযোগীয়ে ৷

অ’ ৰৱ ৷ আমি উল্লেখ কৰা এই আজমল হৈছে এগৰাকী অসম আৰক্ষীত কৰ্মৰত জোৱানহে ৷ আজমলৰ কৰ্মকাণ্ডই এইবাৰ কাটিছে আৰক্ষীৰ নাক । তথ্য অনুসৰি, 28 অক্টোবৰৰ নিশা ৰে’লৰ জৰিয়তে এটা দুষ্ট চক্ৰই সৰবৰাহ কৰিছিল বুজন পৰিমাণৰ সোণ ৷

সেই সময়ত কামাখ্যা ৰে’লৱে ষ্টেচনত কৰ্মৰত আছিল 3 গৃহৰক্ষী জোৱান ক্ৰমে তফিক ৰহমান, আখতুল আলী আৰু আজমল আলী । এই 3 গৃহৰক্ষী জোৱানে দুষ্ট চক্ৰই সৰবৰাহ কৰা সোণৰ পৰা 2 কেজি সোণ লুটি লৈ যায় ৷ আনকি এই ঘটনা সংঘটিত কৰিয়েই 29 অক্টোবৰৰ পৰা অন্তৰ্ধান হয় তিনিওজন গৃহৰক্ষী জোৱান ।

এই ঘটনা সন্দৰ্ভত জ্ঞাত হৈ 29 অক্টোবৰত কামাখ্যা চৰকাৰী ৰে’লৱে আৰক্ষী ভাৰপ্ৰাপ্ত পৰিদৰ্শক বিবুংছাৰ দৈমাৰী (GRP IC Bibungsar Daimary)য়ে গুৱাহাটী ৰে’লৱে আৰক্ষী থানাত ৰুজু কৰে এক গোচৰ । কাঞ্চনজংঘা আৰু অৱধ আছাম- এই দুইখন ৰে’লৰ কোনোবা এখনৰ পৰা 3 গৃহৰক্ষী জোৱানে সোণ হৰলুকী কৰাৰ সন্দেহ কৰিছে আৰক্ষীয়ে ।

আনহাতে, কেইমাহমান পূৰ্বে ৰে’লযাত্ৰীৰ পৰা বলপূৰ্বকভাৱে 5 জন ৰে’ল আৰক্ষীয়ে সোণৰ বিস্কুট কাঢ়ি লোৱাৰ অভিযোগ উত্থাপন হৈছিল । সেই ঘটনাত জড়িত আছিল GRP কনিষ্টবল মৰণ দাস, তবিদুল হক, বিজুল আলী, তহিদুল ৰহমান, GRP ৰ গৃহৰক্ষী জোৱান মমতাজ আলী । এতিয়াও গ্ৰেপ্তাৰ হোৱা নাই উক্ত অভিযুক্ত খাকী পোছাকধাৰীকেইজন ।

লগতে পঢ়ক : Goalpara eviction : নলবাৰী সংৰক্ষিত বনাঞ্চলত চলিব প্ৰশাসনৰ বুলড’জাৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.