Kidnapped girl rescued : বহিঃৰাজ্যৰ পৰা উদ্ধাৰ লামডিঙৰ যুৱতী - বিহাৰৰ আৰা ৰে’ল ষ্টেচন

🎬 Watch Now: Feature Video

thumbnail

By

Published : Mar 20, 2023, 10:36 PM IST

হোজাই, 20 মাৰ্চ : হোজাইৰ লামডিঙত অঘটন । বহিঃৰাজ্যত উদ্ধাৰ হৈছে লামডিঙৰ পৰা অপহৃত এগৰাকী কিশোৰী (Assam girl rescued in Bihar) । বিহাৰ আৰক্ষীৰ সহযোগত অসম আৰক্ষীয়ে বিহাৰৰ আৰা ৰে’ল ষ্টেচনৰ পৰা উদ্ধাৰ কৰে যুৱতীগৰাকীক ৷

লামডিং থানাৰ আৰক্ষী বিষয়াগৰাকীয়ে উল্লেখ কৰা অনুসৰি, চলিত মাহৰ 15 তাৰিখে লামডিং থানাত এগৰাকী যুৱতী নিখোজ হোৱাৰ এক খবৰ আহিছিল ৷ লগতে যুৱতীগৰাকীৰ আত্মীয়ই এই ঘটনাৰ লগত সঞ্জয় দাস নামৰ এজন যুৱক জড়িত হৈ থকাৰ এক সন্দেহ ব্যক্ত কৰিছিল ৷ সেই অভিযোগৰ ভিত্তিতেই আৰক্ষীয়ে আৰম্ভ কৰে তদন্ত ৷

লগতে আৰক্ষীয়ে অভিযুক্ত সঞ্জয় দাসৰ ম’বাইল ট্ৰেছ কৰে ৷ পৰৱৰ্তী পৰ্যায়ত লামডিং পৰা মুম্বাইলৈ লোকমান্য এস্কপ্ৰেছ ৰে’লখনৰ জৰিয়তে লৈ যোৱা অৱস্থাতে অসম আৰক্ষীয়ে বিহাৰৰ এটা ৰে’ল ষ্টেচনৰ পৰা উদ্ধাৰ কৰে যুৱতীগৰাকীক (Kidnapped girl rescued) ৷ লগতে আটক কৰিবলৈ সক্ষম হয় অভিযুক্ত সঞ্জয় দাসক ৷

উল্লেখ্য যে, পূৰ্বেও বহিঃৰাজ্যলৈ লামডিঙৰ বহু যুৱতীক মিছা প্ৰলোভন দি সৰবৰাহ কৰাৰ গুৰুত্ব অভিযোগ উত্থাপন হৈছে সঞ্জয় দাসৰ বিৰুদ্ধে ৷ এই ঘটনাৰ সংক্ৰান্ত লামডিং আৰক্ষীয়ে 81/23 under 366 CRPC অধীনত কেচ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে ।

লগতে পঢ়ক : Kidnapped children rescued : মহানগৰীৰ পৰা অপহৃত দুই শিশুক বিহাৰত উদ্ধাৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.