Elephant rescued: অৰুণাচল প্ৰদেশত উদ্ধাৰ অসমৰ হাতী - অৰুণাচল প্ৰদেশত উদ্ধাৰ অসমৰ হাতী
🎬 Watch Now: Feature Video
Published : Nov 2, 2023, 7:14 PM IST
তিনিচুকীয়া, ২ নৱেম্বৰ: বুধবাৰে বিয়লি অৰুণাচল প্ৰদেশত বন বিভাগে এক গোপন খবৰৰ ভিত্তিত এটা অসমৰ হাতী উদ্ধাৰ কৰে ৷ অৰুণাচল প্ৰদেশৰ টেঙাপানী বনাঞ্চলৰ পৰা ডুমডুমা বন সংমণ্ডল আৰু কাকপথাৰ বনাঞ্চলিক বিষয়া কাৰ্যালয়ৰ বন বিভাগৰ দলে ভৰিত আঘাতপ্ৰাপ্ত অৱস্থাত উদ্ধাৰ কৰে হাতীটো ৷ অসমৰ পৰা হাতীটোক কোনো দুষ্টচক্ৰই অৰুণাচল প্ৰদেশৰ পৰা বহিঃৰাজ্যলৈ সৰবৰাহ কৰাৰ সন্দেহ কৰে বন বিভাগৰ দলটোৱে ৷
উদ্ধাৰ কৰা হাতীটো পৰৱৰ্তী সময়ত বৰ্তমান ডুমডুমা বন সংমণ্ডল কাৰ্যালয়লৈ লৈ অহা হৈছে ৷ সম্প্ৰতি ঘটনা সন্দৰ্ভত অধিক তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখিছে বন বিভাগে ৷ উল্লেখ্য় যে এই ঘটনাই বন বিভাগৰ লোককো চিন্তিত কৰি তুলিছে ৷ এনেদৰে অসমৰ পৰা জীৱ-জন্তু অবৈধভাৱে সৰবৰাহ কৰা ঘটনাই সচেতন লোকৰ চকু কঁপালত তুলিছে ৷
লগতে পঢ়ক: Fire in Bamunimaidam: বামুনীমৈদামৰ ডাম্পিং গ্ৰাউণ্ডত অগ্নিকাণ্ড