thumbnail

ভুৱনেশ্বৰত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা, উষ্ম আদৰণি বিজেপিৰ নেতা-কৰ্মীৰ

By ETV Bharat Assamese Team

Published : Jan 12, 2024, 10:50 PM IST

নিউজ ডেস্ক, 12 জানুৱাৰী : ভুৱনেশ্বৰত উপস্থিত অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ ভুৱনেশ্বৰত উপস্থিত হোৱাৰ পিছতে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক উষ্ম আদৰণি ৷ ঢোলে-দগৰে, বিভিন্ন সাংস্কৃতিক অনুষ্ঠান পৰিৱেশনৰে অসমৰ মুখ্যমন্ত্ৰীগৰাকীক ভুৱনেশ্বৰলৈ আদৰণি জনায় বিজেপিৰ নেতা-কৰ্মী সকলে ৷

শনিবাৰে এটা ব্যক্তিগত চেনেলে অনুষ্ঠিত কৰা এক অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ শনিবাৰে পুৱা 10 বজাৰ পৰা 11 বজালৈ ব্যক্তিগত চেনেলৰ এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব তেওঁ ৷  

পিছত তেওঁ বিজেপিৰ দলীয় কাৰ্যালয়লৈ যাব আৰু অন্যান্য কাৰ্যসূচীতো অংশগ্ৰহণ কৰিব ৷ ৰাজ্যখনৰ ৰাজ্যিক বিজেপিৰ সভাপতি আৰু বিজেপিৰ জ্যেষ্ঠ নেতাসকল বিমানবন্দৰত উপস্থিত হৈ অসমৰ মুখ্যমন্ত্ৰীক আদৰণি জনায় ৷

লগতে পঢ়ক : উত্তৰ কাছাৰত পুনৰ উৰিল বিজেপিৰ ধ্বজা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.