thumbnail

By

Published : Nov 30, 2022, 7:07 PM IST

Updated : Feb 3, 2023, 8:34 PM IST

ETV Bharat / Videos

Murder at Moran : ভাতত বিহ মিহলাই স্বামীক হত্যা কৰিলে পত্নীয়ে !

ডিব্ৰুগড়ৰ খোৱাঙত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে । ভাতত বিহ মিহলাই স্বামীক হত্যা কৰাৰ অভিযোগ পত্নীৰ বিৰুদ্ধে (Wife poisons husband to death at Moran)। খোৱাং আৰক্ষী থানাৰ(Khowang Police Station) অন্তৰ্গত ৰাংচালি নেপালী গাঁৱত সংঘটিত হৈছে এই ঘটনা । গাঁওখনৰ মনচুক মুৰ্মু (৩২) নামৰ ব্যক্তিজন মঙলবাৰে নিশাৰ পৰা হঠাৎ অসুস্থ হৈ আজি পুৱা মৃত্যুমূখত পৰে (Murder at Moran)। পৰিয়ালৰ লোকৰ অভিযোগ মতে পত্নীয়ে ভাতত বিহ দি হত্যা কৰিলে স্বামীক । খোৱাং আৰক্ষীয়ে ইতিমধ্যে অভিযুক্ত পত্নী অনিতা মুৰ্মুক সোধা-পোছাৰ বাবে আটক কৰাৰ লগতে ব্যক্তিজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে ।
Last Updated : Feb 3, 2023, 8:34 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.