Allegation Against NHIDCL authority: ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন্তঃগাঁথনি উন্নয়ন নিগম লিমিটেডৰ দায়িত্বজ্ঞানহীন কাণ্ড

By

Published : Jul 14, 2023, 5:03 PM IST

thumbnail

কলিয়াবৰ, 14 জুলাই : কলিয়াবৰৰ নলতলিত চাৰিলেনযুক্ত ঘাইপথ নিৰ্মাণত ব্যাপক বিসংগতিৰ অভিযোগ ৷ চাৰ্ভিছ ৰোডৰ কাষৰ নলাত পুৰণি হিউম পাইপ ব্যৱহাৰ কৰাক কেন্দ্ৰ কৰি তীব্ৰ অসন্তুষ্টি স্থানীয় সচেতন লোকৰ । নলতলিৰ ৩৭(ক) নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ভোমোৰাগুৰি সংযোগী পথৰ কালভাৰ্টত পুৰণি হিউম পাইপ ব্যৱহাৰৰ অভিযোগ NHIDCL কৰ্তৃপক্ষৰ বিৰুদ্ধে ।

কলিয়াবৰত ৩৭(ক) নং ৰাষ্ট্ৰীয় ঘাইপথত ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন্তঃগাঁথনি উন্নয়ন নিগম লিমিটেড (NHIDCL)ৰ কামৰ নমুনাক লৈ ক্ষোভ উজাৰিছে একাংশ স্থানীয় লোকে । ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী এই পথটোৰে ভোমোৰাগুৰিৰ উদ্যোগিক ক্ষেত্ৰলৈ উচ্চ ভাৰসম্পন্ন বাহন চলাচল কৰে । কালভাৰ্টত পুৰণি হিউম পাইপ ব্যৱহাৰ কৰাৰ ফলত ভৱিষ্যতে সেয়া ভাগি যোৱাৰ আশংকাত NHIDCL কৰ্তৃপক্ষক জবাবদিহি কৰে স্থানীয় সচেতন লোকে ৷

উল্লেখ্য যে, যোৱা ৮ জুলাই তাৰিখে নিৰ্মীয়মাণ চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় পথ নিৰ্মাণত হোৱা বিসংগতিৰ বাবে স্থানীয় ৰাইজৰ অভাৱ-অভিযোগ জনাবলৈ অসম চৰকাৰৰ মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰৰ উপস্থিতিত পথ সজাগতা সভা অনুষ্ঠিত হৈছিল । ৰাজ্যৰ পৰিবহণ বিভাগৰ অতিৰিক্ত সচিব তথা নগাঁও জিলা আয়ুক্তৰ লগতে বিভাগীয় বিষয়াও উপস্থিত আছিল । পথ নিৰ্মাণ বিভাগ আৰু ঠিকাদাৰী প্ৰতিষ্ঠানৰ প্ৰতিনিধিৰ সমুখত স্থানীয় ৰাইজে ভোগ কৰা সমস্যাৰ বিষয়ে আলোচনাও কৰা হৈছিল । কিন্তু তাৰ পাচতো স্থানীয় ৰাইজৰ অসন্তুষ্টিয়ে বিষয়টো জটিল কৰি তুলিছে ।

লগতে পঢ়ক : Self help group at Kaliabor: কলিয়াবৰত আত্মসহায়ক গোটৰ ধন লৈ উধাও সভানেত্ৰী

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.