AMSU Bandh in Arunachal : খিলঞ্জীয়া মৰাণসকলক পি আৰ চি প্ৰদান নকৰাৰ প্ৰতিবাদত ১২ ঘণ্টীয়া বন্ধ

By ETV Bharat Assamese Team

Published : Nov 8, 2023, 10:38 PM IST

thumbnail

তিনিচুকীয়া, ৮ নৱেম্বৰ : আজি পুৱাৰে পৰা দিনটো বন্ধ হৈ পৰে চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ নামচাই জিলাৰ লেকাং অঞ্চল ৷ সদৌ মৰাণ ছাত্ৰ সন্থাৰ অৰুণাচল প্ৰদেশ সমিতিয়ে অৰুণাচল প্ৰদেশ চৰকাৰে লেকাঙৰ খিলঞ্জীয়া মৰাণ জনজাতিক পি আৰ চি আৰু অন্যান্য অধিকাৰ প্ৰদান নকৰাৰ প্ৰতিবাদত ১২ ঘণ্টীয়া বন্ধ ঘোষণাৰ ফলতেই হৈ পৰে সকলো স্তব্ধ ৷ পুৱা ৫ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ এই বন্ধৰ জৰিয়তে লেকাং অঞ্চলৰ লগতে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে সদৌ মৰাণ ছাত্ৰ সন্থাৰ অৰুণাচল প্ৰদেশ সমিতিৰ নেতা-সদস্যসকলে । প্ৰতিবাদৰ জৰিয়তে দীৰ্ঘদিন ধৰি প্ৰতাৰণা আৰু বঞ্চনা কৰি অহাৰ গুৰুতৰ অভিযোগ উত্থাপিত কৰিছে মৰাণ ছাত্ৰ সন্থাই । দাবীসমূহ পূৰণ নোহোৱা পৰ্যন্ত সংগ্ৰাম অব্যাহত থকাৰ কথা সংবাদ মাধ্যমৰ আগত ঘোষণা সদৌ মৰাণ ছাত্ৰ সন্থাৰ নেতৃত্বৰ ।

লগতে পঢ়ক : ASHA Workers protest at Diphu : ডিফুত মাননি বৃদ্ধিৰ দাবীত আশাকৰ্মীৰ ধৰ্ণা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.