AJYCP hold protest in Jonai: জোনাইত AJYCP ৰ বিক্ষোভ কাৰ্যসূচী
🎬 Watch Now: Feature Video
জোনাই, ২১ জুন : প্ৰতিকূল বতৰকো নেওচি জোনাইৰ ৰাজপথ কঁপালে AJYCP য়ে ৷ ইন্ধনজাত সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ, অনিয়মীয়া বিদ্যুৎ যোগান নিয়মীয়াকৰণৰ দাবীত AJYCP য়ে বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে ৷ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, ধেমাজি জিলা সমিতিৰ উদ্যোগত জোনাই, চিমেন চাপৰি, চিলাপথাৰ আঞ্চলিক সমিতি তথা জোনাইৰ স্থানীয় ৰাইজৰ সহযোগত বুধবাৰে দিনৰ ১২ বজাত এই বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে ৷
জোনাই সদৰৰ পৰা জোনাই মহকুমাৰ মহকুমাধিপতিৰ কাৰ্যালয়লৈ বিক্ষোভ কাৰ্যসূচীৰে ৰাজপথ কঁপালে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সদস্যসকলৰ লগতে সাধাৰণ জনতাই । বিদ্যুৎ মাছুল, ইন্ধনজাত সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰা আৰু জোনাইত সঘনে দেখা দিয়া অনিয়মিত বিদ্যুৎ যোগান নিয়মীয়াকৰণ কৰা আৰু চিলাপথাৰৰ পৰা জোনাইলৈ টাৱাৰ লাইনৰ ব্যৱস্থা কৰাৰ দাবীত আজিৰ এই বিক্ষোভ কাৰ্যসূচীৰ জৰিয়তে জোনাই সদৰৰ আকাশ-বতাহ কঁপাই তোলে সংগঠনটোৱে ।
বিজেপি গ' বেক, APDCL হায় হায়, মূল্য বৃদ্ধি ৰোধ কৰক, বিদুৎ যোগান নিয়মীয়া কৰক আদি বিভিন্ন শ্ল’গানেৰে জোনাইত আকাশ বতাহ কঁপাই তোলে AJYCP য়ে ৷ লগতে অতি শীঘ্ৰে উক্ত দাবীসমূহ পূৰণৰ দাবী তোলে, নহ’লে বৃহৎ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ’ব বুলি জানিবলৈ দিয়ে সংগঠনটোৱে । বিক্ষোভ কাৰ্যসূচীৰ শেষত ছাত্ৰ সংগঠনটোৱে মহকুমাধিপতিৰ জৰিয়তে বিভিন্ন দাবী সম্বলিত এক স্মাৰকপত্ৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে ৷
লগতে পঢ়ক : Heavy erosion in Nalbari:পাগলাদিয়াত জাহ যোৱাৰ উপক্ৰম হানাপাৰা গাঁও