লেংটিছিঙাত আই ফেষ্টিভেলৰ লাইখুঁটা স্থাপন

By ETV Bharat Assamese Team

Published : Dec 11, 2023, 10:52 PM IST

thumbnail

বঙাইগাঁও, ১১ ডিচেম্বৰ : বঙাইগাঁও জিলাৰ লেংটিছিঙাত আয়োজিত আই ফেষ্টিভেলৰ সোমবাৰে লাইখুঁটা স্থাপন কৰা হয় । উল্লেখ্য যে ১২ দিনীয়া বিভিন্ন কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব এই আই ফেষ্টিভেল । বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ লেংটিছিঙাত অনুষ্ঠিত হ'ব এই আই ফেষ্টিভেল । লেংটিছিঙা যুৱ সংঘৰ উদ্যোগত ১২ দিনীয়া বিভিন্ন কাৰ্যসূচীৰে অহা ১৭ ডিচেম্বৰৰ পৰা ২৮ ডিচেম্বৰলৈ এই আই ফেষ্টিভেলৰ আয়োজন কৰা হৈছে ।

লেংটিছিঙা অঞ্চলৰ কৃষক আৰু ব্যৱসায়ীসকলক উৎসাহিত কৰাৰ উদ্দেশ্যে এই আই ফেষ্টিভেলৰ আয়োজন কৰা বুলি উদ্যোক্তাসকলে জনাইছে । এই আই ফেষ্টিভেলত বিভিন্ন ধৰণৰ বাণিজ্য বিপণিয়েও অংশগ্ৰহণ কৰিব । আনহাতে, প্ৰতিটো নিশাই সাংস্কৃতিক অনুষ্ঠান, গীত, নৃত্য, কবিতা আদিৰ লগতে বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব বুলি জানিবলৈ দিছে আয়োজক সমিতিয়ে ।

এই অনুষ্ঠানটোৰ জৰিয়তে বৃহত্তৰ লেংটিছিঙা অঞ্চলত অৰ্থনৈতিক, বৌদ্ধিক আৰু শৈক্ষিক বিকাশৰ কামনা কৰিছে ৰাইজে । লগতে যিসকলে বাণিজ্যমেলাত অংশগ্ৰহণ কৰিব বিচাৰে, তেওঁলোকক 8638244404 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে আয়োজক সমিতিয়ে ।

লগতে পঢ়ক :দেবলাল গাৰ্লোচাৰ দ্বাৰা হাফলঙত আমাই প্ৰকল্প মুকলি

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.