ACMS protest : অসম চৰকাৰ হায় হায় ধ্বনিৰে উত্তাল মেনকা চাহ বাগিচা - tea workers protest in Assam
🎬 Watch Now: Feature Video
বাক্সা, 11 আগষ্ট: অসম চাহ মজদুৰ সংঘৰ আহ্বানত শুকুৰবাৰে সমগ্ৰ ৰাজ্যতে চাহ শ্ৰমিকসকলে গ্ৰহণ কৰে প্ৰতিবাদী কাৰ্যসূচী ৷ ভাৰত-ভূটান সীমান্তৱৰ্তী মেনকা চাহ বাগিচাত শ শ শ্ৰমিকে প্ৰাপ্যৰ দাবীত উত্তাল কৰে প্ৰতিবাদস্থলী ৷ বিজেপি গ’ বেক, অসম চৰকাৰ হায় হায় ধ্বনিৰে ৰাজ্য চৰকাৰ মালিক পক্ষৰ বিৰুদ্ধে ক্ষোভ উজাৰে বঞ্চিত চাহ শ্ৰমিকসকলে ৷
তামুলপুৰ মহকুমাৰ ভাৰত-ভূটান সীমান্তৱৰ্তী মেনকা চাহ বাগিচাৰ অসম চাহ মজদুৰ সংঘৰ মেনকা বাগিচা গোটে তেওঁলোকৰ এঘাৰ দফীয়া দাবীৰ সমৰ্থনত এক ঘণ্টীয়া ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে । প্ৰতিবাদকাৰীসকলে বিজেপি চৰকাৰ গ’ বেক, অসম চৰকাৰ হায় হায়, অসম চাহ মজদুৰ সংঘ জিন্দাবাদ, উই ওৱাণ্ট জাষ্টিছ, উই ওৱাণ্ট এছ টি, ন’ এছটি ন’ ৰেষ্ট, চাহ শ্ৰমিকৰ মজুৰি 351 টকালৈ বৃদ্ধি কৰক, মালিক পক্ষ মিছলীয়া আদি ধ্বনিৰে দৰঙ্গামেলাৰ মেনকা চাহ বাগিছাৰ চৌহদ উত্তাল কৰি তোলে ।
লগতে পঢ়ক : ACMS protest: প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীক লগত লৈ মজুৰি বৃদ্ধিৰ দাবীত চাহ শ্ৰমিকৰ প্ৰতিবাদ