Formation of the State of Kamtapur; বিটিআৰৰ এক ইঞ্চিও মাটি এৰি দিয়া নহ’ব: দ্বীপেন বড়ো - কমতাপুৰ ৰাজ্য গঠনক লৈ ব্যাপক চৰ্চা

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jan 5, 2023, 9:05 PM IST

Updated : Feb 3, 2023, 8:38 PM IST

প্ৰস্তাৱিত কমতাপুৰ ৰাজ্য গঠনক লৈ ব্যাপক চৰ্চা অব্যাহত থকাৰ সময়তে বৃহস্পতিবাৰে নিখিল বড়ো ছাত্ৰ সন্থাই এইক্ষেত্ৰত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে (ABSU President React on Formation of the State of Kamtapur) । নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুৰ সভাপতি দ্বীপেন বড়োৱে কেএলঅ’ আৰু চৰকাৰৰ মাজত অনুষ্ঠিত হ’বলগীয়া শান্তি আলোচনাক আদৰণি জনাইছে যদিও বৃহস্পতিবাৰে সাংবাদিকৰ এক প্ৰশ্নোত্তৰত প্ৰস্তাৱিত কমতাপুৰ ৰাজ্য গঠনক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । কোনো কাৰণতে বিটিআৰ তথা ষষ্ঠ অনুসূচী এলেকাৰ এক ইঞ্চি মাটিও এৰি দিয়া নহ’ব বুলি হুংকাৰ দিয়ে এবছুৰ সভাপতি দ্বীপেন বড়োৱে ৷ লগতে তেওঁ কয় যে শান্তি আৰু মূলসূঁতিৰ নামত বুজাবুজিৰ চুক্তি হ'ব পাৰে ৷ কিন্তু তাত এক ইঞ্চিও বিটিআৰৰ মাটি যাতে অন্তৰ্ভূক্তি নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখিবলৈ আহ্বান জনাই গৃহ মন্ত্ৰানালয়ক বিষয়টো সন্দৰ্ভত স্থিতি স্পষ্ট কৰিবলৈ আহ্বান জনাইছে এবছুৰ সভাপতিগৰাকীয়ে ।
Last Updated : Feb 3, 2023, 8:38 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.