NEP 2020: চৰকাৰৰ মাতৃভাষা বিৰোধী স্থিতিৰ বিৰুদ্ধে এবছুৰ প্ৰতিবাদ - ABSU protest
🎬 Watch Now: Feature Video
কোকৰাঝাৰ, 9 জুন: মাতৃভাষা বিদ্বেষী চৰকাৰৰ বিৰুদ্ধে সৰ্বত্ৰে প্ৰতিবাদ দল-সংগঠনৰ ৷ ৰাষ্ট্ৰীয় শিক্ষা নীতি-নিৰ্দেশনাক জলাঞ্জলি দি অসম চৰকাৰৰ টোঘলকী কাণ্ডৰ বিৰুদ্ধে প্ৰতিবাদ দল সংগঠনৰ (ABSU protest in Kokrajhar) ৷ মাতৃভাষা মাধ্যমৰ বিদ্যালয়সমূহত ষষ্ঠ শ্ৰেণীত গণিত আৰু বিজ্ঞান বিষয়ত ইংৰাজী ভাষাত পাঠ্যপুথি প্ৰৱৰ্তন কৰা আকোৰগোঁজ নীতিৰ বিৰুদ্ধে শুকুৰবাৰে এবছু,বড়ো সাহিত্য সভাৰ নেতৃবৃই প্ৰতিবাদী সাব্যস্ত কৰে (National education policy2020) ৷ কোকৰাঝাৰ চহৰস্থিত বিদ্যাপীঠ হাইস্কুলৰ প্ৰাংগনত ক’লা বেজ পৰিধান কৰি এবছু,বড়ো সাহিত্য সভাৰ নেতৃবৃন্দই এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷ প্ৰতিকূল বতৰকো নেওচি বিদ্যলখনৰ ছাত্ৰ-ছাত্ৰী, এবছু আৰু বড়ো সাহিত্য সভাৰ সদ্যসই চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ কৰে ৷ এবছুৰ ভাৰপ্ৰাপ্ত সভাপতি খৌৰমদাও ৱাৰীয়ে ‘‘অসম চৰকাৰৰ সিদ্বান্ত কেতিয়াও মানি লোৱা নহ’ব বুলি স্পষ্ট কৰি দিয়ে ৷ বড়ো মাধ্যমৰ লগতে অসমীয়া মাধ্যমৰ বিদ্যালয় সমূহত বড়ো আৰু অসমীয়া ভাষাৰ পাঠ্যপুথি যোগান ধৰি মাতৃভাষা শিক্ষাক জীয়াই ৰাখিবলৈ দাবী ছাত্ৰনেতা গৰাকীৰ ৷
লগতে পঢ়ক:Evaluation of NAAC:নাকৰ মূল্যায়ন প্ৰক্ৰিয়া আৰম্ভ নকৰা মহাবিদ্যালয়লৈ শিক্ষা বিভাগৰ জাননী!