thumbnail

By

Published : Jul 14, 2023, 4:50 PM IST

ETV Bharat / Videos

AASU protest against price hike:মূল্যবৃদ্ধিৰ প্ৰতিবাদত বৰপেটাত আছুৰ বিক্ষোভ

বৰপেটা, ১৪ জুলাই : অভাৱনীয় হাৰত বাঢ়িছে বস্তুৰ দাম ৷ বজাৰত লগা জুয়ে এতিয়া সৰ্বসাধাৰণ জনতাক অতিষ্ঠ কৰি তুলিছে ৷ প্ৰতিদিনে বৃদ্ধি পোৱা সামগ্ৰীৰ মূল্যক লৈ সৰব হৈ আহিছে দল সংগঠন আৰু ৰাইজ ৷ পিচে মূল্যবৃদ্ধি ৰোধৰ ক্ষেত্ৰত চৰকাৰী পক্ষ হৈ আছে নীৰৱ ৷

চৰকাৰৰ নীৰৱ ভূমিকাৰ পৰিৱৰ্তে ক্ষোভত দহিছে ৰাজ্যবাসী আৰু ৰাজ্যত বৃদ্ধি পোৱা অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি ৰোধৰ দাবীত শুকুৰবাৰে ৰাজপথলৈ ওলাই আহিল আছুকৰ্মী ৷ সমগ্ৰ ৰাজ্যৰ জিলাসমূহৰ লগতে বৰপেটাতো জিলা ছাত্ৰসন্থাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ 

মূল্যবৃদ্ধি ৰোধৰ দাবীত শুকুৰবাৰে বৰপেটাত জিলা ছাত্ৰ সন্থাই ৰূপায়ন কৰে বিক্ষোভ কাৰ্যসূচী ৷ বৰপেটা জিলা ছাত্ৰ সন্থাই বৰপেটাৰ শ্বহীদ ভৱনত বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰি শীঘ্ৰে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধৰ দাবী জনায় ৷ অন্যথা সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত ব্যাপক গণ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে তেওঁলোকে ৷

লগতে পঢ়ক : Erosion at Kalgachia:বেঁকীৰ খহনীয়াত জাহ গৈছে হেজাৰ হেজাৰ বিঘা কৃষিভূমি

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.