Golden Jubilee of Sarupathar College: ৰাজ্যত বৃদ্ধি হোৱা ব্ৰেইন ড্ৰেইনৰ সমস্যা সন্দৰ্ভত উদ্বিগ্নতা আছু উপদেষ্টাৰ - সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Nov 4, 2023, 7:18 AM IST

Updated : Nov 4, 2023, 9:11 AM IST

সৰুপথাৰ, 4 নৱেম্বৰ: সৰুপথাৰ মহাবিদ্যালয়ত সোণালী জয়ন্তী সামৰণি অনুষ্ঠানত উপস্থিত হৈ শিক্ষাৰ মাধ্যম সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই । ইংৰাজী ভাষা শিক্ষাৰ পোষকতা কৰে যদিও মাতৃভাষাক বিশেষ গুৰুত্ব প্ৰদান কৰাৰ লগতে ইয়াৰ বাবে ব্যৱস্থা গ্ৰহণৰ বাবে চৰকাৰলৈ আহ্বান জনায় ৷ 

ধনশিৰি মহকুমাৰ উচ্চ শিক্ষাৰ প্ৰাণকেন্দ্ৰ সৰুপথাৰ মহাবিদ্যালয়ত গৌৰৱোজ্জ্বল সোণালী জয়ন্তী বৰ্ষৰ সামৰণী অনুষ্ঠানৰ প্ৰথমটো দিনৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি এই মন্তব্য আগবঢ়ায় সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টাগৰাকীয়ে । লগতে ব্ৰেইন ড্ৰেইনৰ হাৰ হ্ৰাস কৰাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণৰ বাবে চৰকাৰক গুৰুত্ব দিবলৈ আহ্বান জনায় ৷ "একবিংশ শতিকাৰ প্ৰেক্ষাপটত অসমৰ উচ্চশিক্ষা" শীৰ্ষক এখন আলোচনা চক্ৰ অনুষ্ঠিত হয় আৰু এই আলোচনা চক্ৰখনৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকে ড° জ্যোতিপ্ৰসাদ শইকীয়া, নিৰ্দিষ্ট বক্তা অসম চৰকাৰৰ শিক্ষা উপদেষ্টা ড° ননীগোপাল মহন্ত, জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহযোগী অধ্যাপিকা ড° জ্যোতিৰেখা হাজৰিকা ৷

লগতে পঢ়ক: AASU session in Udalguri: যিয়ে ৰাইজক মূৰ্খ বুলি কৈছে তেওঁ নিজেই মূৰ্খ; নয়ন নীলিম

Last Updated : Nov 4, 2023, 9:11 AM IST

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.