Protest in Kalaigaon:কলাইগাঁও মডেল হাস্পতালত চিকিৎসক নিযুক্তিৰ দাবীত আছুৰ ধৰ্ণা

By ETV Bharat Assamese Team

Published : Sep 27, 2023, 5:21 PM IST

thumbnail

ওদালগুৰি, ২৭ ছেপ্টেম্বৰ: ওদালগুৰি জিলাৰ কলাইগাঁও মডেল হাস্পতালত চিকিৎসকৰ লগতে উপযুক্ত সা-সুবিধা উপলব্ধ কৰাৰ দাবীত আজি চিকিৎসালয়খনৰ সন্মুখত আছুই তীব্ৰ প্ৰতিবাদ সাব্য়স্ত কৰে । প্ৰতিবাদকাৰীসকলে 'অসম চৰকাৰ হায় হায়','বিটিআৰ চৰকাৰ হায় হায়','অৰুপ দে হায় হায়','প্ৰমোদ বড়ো হায় হায়' শ্লোগানেৰে উত্তাল কৰে আছু কৰ্মীসকলে । উল্লেখযোগ্য যে কলাইগাঁৱৰ একমাত্ৰ চিকিৎসাৰ প্ৰাণকেন্দ্ৰ কলাইগাঁও মডেল হাস্পতালত দীৰ্ঘদিন ধৰি পৰ্যাপ্ত সা-সুবিধা তথা চিকিৎসক নথকা বাবে বৃহত্তৰ কলাইগাঁও অঞ্চলৰ ৰাইজে জীয়াতু ভুগি আহিছে ।

নিশাৰ ভাগত কোনো চিকিৎসক বা নাৰ্ছ নথকাত ৰাইজে সমস্য়াৰ সন্মুখীন হৈ আহিছে । সেইবাবে কলাইগাঁও আছুই বহুবাৰ প্ৰতিবাদ কৰিছে যদিও আজিলৈ কোনো গুৰুত্ব প্ৰদান নকৰিলে অসম চৰকাৰ তথা প্ৰমোদ বড়োৰ বিটিআৰ চৰকাৰখনে ।  

সেয়েহে আজি পুনৰ কলাইগাঁও আছুই প্ৰতিবাদ কৰিবলৈ ওলাই আহে । চিকিৎসালয়খনত পৰ্যাপ্ত পৰিমাণৰ সা-সুবিধা দিয়াৰ লগতে চিকিৎসক আৰু নাৰ্ছ আদি নিযুক্তি দি ৰাইজৰ সুবিধা কৰিবলৈ কলাইগাঁও ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে ওদালগুৰি জিলা আয়ুক্তলৈ এখনি স্মাৰক পত্ৰ প্ৰেৰণ কৰে ।

লগতে পঢ়ক:Seed business without licensed: অনুজ্ঞাপত্ৰবিহীনভাৱেই মুকালমুৱাৰ সাপ্তাহিক বজাৰত চলিছে বীজৰ ব্য়ৱসায়

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.