Israeli-Palestinian war: ইজৰাইলৰ যুদ্ধস্থলীত আৱদ্ধ অসমৰ এগৰাকী নাৰ্ছ, কি ক’লে স্বামীয়ে... - Israeli Palestinian war
🎬 Watch Now: Feature Video
Published : Oct 12, 2023, 11:29 AM IST
তেজপুৰ, 12 অক্টোবৰ : যুদ্ধ বিধ্বস্ত ইজৰাইলত আৱদ্ধ হৈ আছে অসমৰ শোণিতপুৰ জিলাৰ এগৰাকী নাৰ্ছ । বিগত কেইবাবছৰ ধৰি ইজৰাইলত কৰ্মসূত্ৰে আছে মহিলাগৰাকী । যোৱা 6 অক্টোবৰৰ পৰা উগ্ৰপন্থী সংগঠন হামাছে অতৰ্কিতে ইজৰাইলৰ ওপৰত চলোৱা আক্ৰমণৰ ফলত সৃষ্টি হোৱা যুদ্ধসদৃশ পৰিস্থিতিৰ মাজতে ইজৰাইলত আৱদ্ধ হৈ আছে শোণিতপুৰৰ ঠেলামৰাৰ ভাৰতী চাৱকটা নামৰ নাৰ্ছগৰাকী ৷
কৰ্মসূত্ৰে ইজৰাইলৰ তেল আভিভত (Tel Aviv) আছে ভাৰতী ৷ হঠাৎ যুদ্ধ পৰিস্থিতি উদ্ভৱ হোৱাত উদ্বিগ্ন হৈ পৰিছে নাৰ্ছগৰাকী। লগতে উদ্বিগ্ন হৈছে ঠেলামৰাৰ গৰুডুবাত থকা পৰিয়ালটোও। তেওঁৰ স্বামী দৰ্পণ পৰাজুলিয়ে কোৱা অনুসৰি, ইজৰাইল চৰকাৰে ভাৰতীয় নাগৰিকসকলৰ সকলো সময়তে খবৰ ৰাখিছে ।
ইতিমধ্যে ভাৰতৰ বিভিন্ন ঠাইৰ 18 হাজাৰ লোক ইজৰাইলত কৰ্মসূত্ৰে আবদ্ধ হৈ আছে। যুদ্ধৰ এই বিভীষিকাৰ মাজতো পত্নী ভাৰতী চাৱকটা সুৰক্ষিত অৱস্থাত আছে বুলি জানিবলৈ দিয়ে স্বামীয়ে ।
লগতে পঢ়ক: Israeli-Palestinian war: যুদ্ধ অব্যাহত-অবৰ্ণনীয় পৰিস্থিতি গাজাত; মৃতকৰ সংখ্যা 2200 অতিক্ৰম