thumbnail

Govt School in Golaghat: উন্নতমানৰ শিক্ষাদানেৰে জিলিকিছে এখন চৰকাৰী বিদ্যালয়

By

Published : Mar 19, 2023, 2:02 PM IST

গোলাঘাট, ১৯ মাৰ্চ: চৰকাৰী বিদ্যালয়ৰ শোচনীয় অৱস্থা দেখি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ৰাইজে চৰকাৰী বিদ্যালয়ৰ প্ৰতি অনীহা প্ৰকাশ কৰে (Govt School in Assam) । পিচে ইয়াৰ মাজতে এখন বিদ্যালয়ে দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে (Govt School in Golaghat) । গুণগত মানদণ্ডৰ বাবে জিলিকি উঠিছে গোলাঘাট জিলাৰ এখন বিদ্যালয় । গোলাঘাট জিলাৰ পূব শিক্ষা খণ্ডৰ অন্তৰ্গত বালিজান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলৰ নামভৰ্ত্তি প্ৰ-পত্ৰৰ দিয়াৰ দিনটোত যথেষ্ঠ সংখ্যাক অভিভাৱক সকলৰ ভিৰ কৰা পৰিলক্ষিত হয় (Crowd at govt schools to collect forms in Golaghat) ।  

বহু সময়ত অভিভাৱক সকলৰ চৰকাৰী বিদ্যালয়ৰ তুলনাত ব্যক্তিগত খণ্ড বিদ্যালয়ত নামভৰ্তি কৰণৰ বাবে যথেষ্ঠ সমাগম হোৱা দেখিবলৈ পোৱা যায় । কিন্তু তাৰ বিপৰীতে গোলাঘাট জিলাৰ বালিজানস্থিত বালিজান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সম্পূৰ্ণ এখন বিপৰীত ছবি দেখিবলৈ পোৱা গ'ল । পুৱা ৮ বজাৰ পৰাই নিজৰ সন্তানটিক নামভৰ্তিৰ বাবে প্ৰ-পত্ৰ সংগ্ৰহ কৰিবলৈ শাৰী পতা পৰিলক্ষিত হয় ।

বিদ্য়ালয়খনৰ উন্নতমানৰ শিক্ষাদানৰ পৰিৱেশ দেখি একাংশ অভিভাৱকে ব্যক্তিগত বিদ্য়ালয়ৰ পৰা নিজৰ সন্তানক আনি চৰকাৰী বিদ্যালয়খনত নামভৰ্তি কৰোৱা বুলিও জনাই প্ৰ-পত্ৰ সংগ্ৰহ কৰিবলৈ অহা অভিভাৱকে । 

লগতে পঢ়ক: Extra Marital Relationship: পৰস্ত্ৰীৰ প্ৰেমত পৰি ঔকিল খালে যুৱকে

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.