Nalbari Crime News:পাষাণ পুত্ৰৰ দাৰ ঘাপত ধৰাশায়ী মাতৃ-পিতৃ-ভাতৃ

By ETV Bharat Assamese Team

Published : Nov 6, 2023, 10:18 AM IST

thumbnail

নলবাৰী, ৬ নৱেম্বৰ : নলবাৰীৰ মুকালমুৱাত দেওবাৰৰ নিশা পাৰিবাৰিক কন্দলৰ ফলত ভয়ংকৰ পৰিণতিৰ সৃষ্টি হয় । পাষাণ পুত্ৰৰ দাৰ ঘাপত গুৰুতৰভাৱে আহত হয় পিতৃ, মাতৃ আৰু ভাতৃ । জানিব পৰা মতে, নিজ পুত্ৰই পিতৃ, মাহীমাক আৰু ভাতৃ (মাহীমাকৰ পুত্ৰ)ক দাৰে ঘপিয়াই আহত কৰে ৷

স্থানীয় ব্যক্তিয়ে জানিবলৈ দিয়া অনুসৰি, আহমদ আলী নামৰ যুৱকজনে পাৰিবাৰিক কন্দলৰ বাবে হিংস্ৰভাৱে আক্ৰমণ কৰে নিজ পিতৃ, মাতৃ আৰু ভাতৃক । আহমদ আলীৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় পিতৃ আব্বাছ আলী, মাতৃ মনি বেগম আৰু ভাতৃ মইদুল আলী । আহত তিনিওজনকে মুকালমুৱা মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । পৰৱৰ্তী সময়ত তিনিওৰে স্বাস্থ্যৰ অৱস্থা সংকটজনক হোৱাত চিকিৎসকে আটাইকেইজনক উন্নত চিকিৎসাৰ বাবে জি এম চি এইচলৈ প্ৰেৰণ কৰে । এই শিহৰণকাৰী ঘটনাটো সংঘটিত কৰিয়ে পাষণ্ড পুত্ৰ আহমদ আলীয়ে পলায়ন কৰে । পাৰিবাৰিক কন্দলৰ বাবেই এই ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে যদিও ঘটনাৰ প্ৰকৃত কাৰণ তদন্তৰ পিচতহে গম পোৱা যাব ।

লগতে পঢ়ক : Lat mandal arrested: জেপত সুমুৱাবলৈ নাপালে নয়নমণিয়ে লক্ষ্মীক

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.