Drugs seized : মাণিকপুৰত ড্ৰাগছসহ ৩ জনক গ্ৰেপ্তাৰ

By

Published : Jan 6, 2023, 6:27 PM IST

Updated : Feb 3, 2023, 8:38 PM IST

thumbnail
ৰাজ্যত ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান অব্যাহত আছে (Anti drugs operation of Assam Police)। তেনে এক অভিযানৰ মাজতে মাণিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত পাতিলাদহাত জব্দ সন্দেহযুক্ত হেৰ'ইন (Suspected drugs recovered at Manikpur)। ড্ৰাগছ সৰবৰাহৰ ঘটনা সন্দৰ্ভত ৩ যুৱককো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে । গোপন সূত্ৰৰ খবৰৰ ভিত্তিত মাণিকপুৰ আৰক্ষীয়ে পাতিলাদহা পানবাৰী গড়কাপ্তানী পথৰ ৰে'লৱে ক্ৰচিঙৰ সমীপত কৰায়ত্ত কৰে যুৱক তিনিজনক (3 arrested with drugs)। এখন ই-ৰিক্সাত আলুখুন্দাৰ পৰা পাতিলাদহালৈ কাঠ আনিছিল যুৱককেইজনে । সেই কাঠৰ মাজতে লুকুৱাই আনিছিল ড্ৰাগছখিনি । জব্দ হোৱা ড্ৰাগছখিনিৰ পৰিমাণ ২.৯৩ গ্ৰাম বুলি জানিব পৰা গৈছে (Drugs seized at Manikpur)। ই-ৰিক্সাৰ চালকসহ ধৃত তিনিজন হৈছে পানবাৰী আৰক্ষী থানাৰ অন্তৰ্গত বিষডোবা গাঁৱৰ আব্দুল সাহিদ, ১ নং গৰাইমাৰীৰ মইজুল ইছলাম আৰু ২ নং কাৱাদীৰ ৰফিকুল ইছলাম বুলি জানিব পৰা গৈছে । মাণিকপুৰ আৰক্ষীয়ে এই সন্দৰ্ভত এক গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে ।
Last Updated : Feb 3, 2023, 8:38 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.