Many Food for new son in law : নতুন জোঁৱাইক আদৰিবলৈ ১৭৩ বিধ খাদ্য
বিয়াৰ পাচত শহুৰেকৰ ঘৰলৈ প্ৰথমবাৰৰ বাবে আহিছে জোঁৱাই ৷ জী-জোঁৱাইক কাষত পাই গাত ততনাইকীয়া হৈছে শহুৰ-শাহুৱেকৰ ৷ নতুন জোঁৱাইক ক’ত থব বা কি খুৱাব ৷ মাটিত থ’লে যেন পৰুৱাই কামুৰিব, মূৰত থ’লে যেন ওকণিয়ে খাব ৷ এনে অৱস্থা হৈছে অন্ধ্ৰপ্ৰদেশৰ পশ্চিম গোদাবৰী জিলাৰ ভীমৱৰামৰ (Bhimavaram of West Godavari district) এটা পৰিয়ালত ৷ পোংগল উপলক্ষে (Pongal festival) বিয়াৰ পাচত প্ৰথমবাৰৰ বাবে জী-জোঁৱাই ঘৰলৈ অহাত আনন্দিত হৈ পৰিছে এটা দম্পতি ৷ নতুন জোঁৱাইক ১৭৩ বিধ ব্যঞ্জনেৰে ভোজ-ভাত খুৱালে দম্পতিটোৱে (173 types of recipes for new son in law) । সম্প্ৰত্তি সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এই ভিডিঅ’ ৷
Last Updated : Feb 3, 2023, 8:39 PM IST