ব’হাগৰ জাননী পাই তৰণি নাই অসমীয়াৰ গাত - চ'ত
🎬 Watch Now: Feature Video
চ'তৰ বোকোচাত উঠি আকৌ আহিল ব’হাগ৷ কুলি কেতেকীৰ মৌ বৰষা মাত আৰু ঢোল-পেঁপাৰ গুমগুমণিৰ লগতে ঢেকীৰ মাতত এতিয়া কঁপি উঠিছে চৌদিশ । ইচাট-বিচাট অসমীয়া ডেকা-গাভৰুৰ মন । আজিৰে পৰা তাঁতশাল এৰি ঢেঁকীশাল বা জুহালত অসমীয়া জীয়ৰী-বোৱাৰী । কোনোৱে যদি হাতত জেতুকাৰ বোল দিয়াত ব্যস্ত আন কোনোবা আকৌ ব্যস্ত বিহুৰ আখৰাত ৷ মুঠৰ ওপৰত ব’হাগৰ জাননী পাই এতিয়া তৰণি নাই অসমীয়াৰ গাত ৷