তিনিচুকীয়া : গণৰাজ্য দিৱসলৈ মাজত মাথোঁ এটা দিন । ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰন্তত গণৰাজ্য দিৱসৰ প্ৰস্তুতি অন্তিম পৰ্যায়ত উপনীত হৈছে । এইবাৰ পোন প্ৰথমবাৰৰ বাবে ডিব্ৰুগড়ত অনুষ্ঠিত হ'ব গণৰাজ্য দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচী । ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীয়ে গণৰাজ্য দিৱসৰ পতাকা উন্মোচন কৰাৰ বিপৰীতে গুৱাহাটীৰ খানাপাৰাত ৰাজ্যপালে উন্মোচন কৰিব গণৰাজ্য দিৱসৰ পতাকা ।
ইফালে গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত ৰাজ্যৰ আৰক্ষী প্ৰশাসনো সষ্টম হৈ পৰিছে । কিয়নো গণৰাজ্য দিৱসত আলফা(স্বাধীন) কূটাঘাত সৃষ্টি কৰাৰ আশংকা কৰা হৈছে । ইতিমধ্যে বিগত স্বাধীনতা দিৱসত আলফা (স্বা) কেইবাটাও স্থানত বোমা সংস্থাপন কৰাৰ কথা ঘোষণা কৰাৰ লগে লগে সমগ্ৰ ৰাজ্যজুৰি এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল । তাৰ বাবে এইবাৰ গণৰাজ্য দিৱসৰ কাৰ্যসূচী যাতে সুকলমে অনুষ্ঠিত হয় তাৰ বাবে ৰাজ্যিক আৰক্ষী তৎপৰ হৈ পৰিছে ।
ইয়াৰ মাজতে বিদ্ৰোহী সংগঠন আলফা (স্বাধীন)ৰ শীৰ্ষ পৰ্যায়ৰ দুৰ্ধৰ্ষ কেদাৰ ৰূপম অসম, মৃগাংক অসমৰ লগতে কেইবাগৰাকীও শীৰ্ষ কেদাৰৰ নেতৃত্বত দেশৰ গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত অসম-অৰুণাচল সীমান্তত তিনিটাকৈ বৃহৎ গোটে কূটাঘাতমূলক ঘটনা সংঘটিত কৰাৰ উদ্দেশ্যে বাহৰ পাতি থকাৰ তথ্য লাভ কৰিছে আৰক্ষী তথা চোৰাংচোৱা বিভাগে । এই তথ্যই এতিয়া তিনিচুকীয়া আৰক্ষীৰ চকুৰ টোপনি কাঢ়িছে ।
আই জি পি (অপাৰেচন) জিৎমল দলে আৰু তিনিচুকীয়াৰ আৰক্ষী অধীক্ষক অভিজিৎ গৌৰৱ দিলীপৰ নেতৃত্বত তিনিচুকীয়া আৰক্ষী আৰু সেনাবাহিনীৰ বৃহৎ দলে অসম-অৰুণাচলৰ সীমামূৰীয়া স্থানত অস্থায়ীভাৱে শিবিৰ পাতি বিদ্ৰোহী গোটৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান অব্যাহত ৰাখিছে, যাতে যিকোনো পথেৰে বিদ্ৰোহী সংগঠনটোৰ কেদাৰসকলে তিনিচুকীয়া জিলাৰ লগতে ডিব্ৰুগড় জিলাত প্ৰৱেশ কৰিব নোৱাৰে ৷
সমান্তৰালভাৱে তিনিচুকীয়াবাসীয়ে যাতে শান্তিৰে দেশৰ গণৰাজ্য দিৱস পালন কৰিব পাৰে তাৰ বাবে দিনে-নিশাই কটকটীয়া নিৰাপত্তা ব্যৱস্থা কৰাৰ লগতে চহৰখনত শুকুৰবাৰে এক সজাগতামূলক সমদল উলিয়ায় তিনিচুকীয়া আৰক্ষী-অৰ্ধসামৰিক বাহিনীয়ে । আনহাতে, প্ৰতিটো পথতে নিশ্চিদ্ৰ তালাচী অভিযানো চলাইছে ।
এই সন্দৰ্ভত তিনিচুকীয়া জিলাৰ উপ-আৰক্ষী অধীক্ষকে কয়, "সঁচাকৈয়ে ক'বলৈ হ'লে যোৱা এসপ্তাহৰ পৰা কাৰো টোপনি নোহোৱা হৈছে । সততে আমি চেষ্টা কৰি আছো যে যিহেতু আমি তিনিচুকীয়া ডিষ্ট্ৰিকত আছোঁ, আমাৰ নিজৰ মানুহ আছে সকলো । আমি সবৰ লগত মিলি যেনেকৈ আমি শান্তিৰে আছো তেনেকৈ এতিয়াও আমি শান্তিৰে থাকিম আৰু আগলৈয়ো তেনেকৈ থাকিম বুলি আশা কৰিছো ।"
আলফা (স্বা) সন্দৰ্ভত তেওঁ কয়, "আমি চাওক, আপুনি যদি লক্ষ্য কৰিছে এতিয়া আমাৰ কোনো টাইম টেবুল নাই । যেতিয়াই পাইছো তেতিয়াই আমি ফিল্ডতে আছো । কোৱা মানুহে ক'বই আমি এইটো কৰিম, সেইটো কৰিম । কিন্তু চাওক, যেতিয়ালৈকে আমি আছো আমি আপোনালোক সবকে এটা কথৈ কৈ আছো যে কাৰো সাহস নাই । আমি থকা অৱস্থাত তিনিচুকীয়াত, আমি য'ত আছো তাত একো হ'ব নিদিও ।"