আজিৰ পৰা আৰম্ভ হৈছে মেট্ৰিক পৰীক্ষা: বদৰপুৰত ১৫ গৰাকী পৰীক্ষাৰ্থী অনুপস্থিত

By

Published : Mar 15, 2022, 10:09 PM IST

Updated : Feb 3, 2023, 8:19 PM IST

thumbnail

আজিৰ পৰা আৰম্ভ হৈছে মেট্ৰিক, হাই মাদ্ৰাছা আৰু উচ্চতৰ মাধ্যমিকৰ চুড়ান্ত পৰীক্ষা (HSLC-HS Exams 2022) ৷ ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে কৰিমগঞ্জতো শান্তিপূৰ্ণভাৱে চলিল প্ৰথম দিনটোৰ পৰীক্ষা ৷ পৰীক্ষাৰ সময়ত যাতে পৰীক্ষাৰ্থীৰ কোনো অসুবিধা নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰস্তুত হৈ আছে জিলা প্ৰশাসন ৷ অৱশ্যে পূৰ্বৰ দৰে উৎসাহ দেখা পোৱা নগ’ল পৰীক্ষাৰ্থীসকলৰ মাজত ৷ কৰিমগঞ্জৰ বদৰপুৰৰ 30খন বিদ্যালয়ৰ 922 গৰাকী ছাত্ৰ-ছাত্ৰীক তিনিটা কেন্দ্ৰত ভাগ কৰি পৰীক্ষাত অৱতীৰ্ণ কৰোৱা হৈছে । ইয়াৰ মাজৰ 15 গৰাকী পৰীক্ষাৰ্থী পৰীক্ষা কেন্দ্ৰত অনুপস্থিত থকা বুলি জানিব দিয়ে শ্ৰীগৌৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কেন্দ্ৰৰ দায়িত্বত থকা মাশুক আহমেদে ৷

Last Updated : Feb 3, 2023, 8:19 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.