thumbnail

By

Published : Dec 31, 2022, 12:25 PM IST

Updated : Feb 3, 2023, 8:37 PM IST

ETV Bharat / Videos

Silapathar Science College: চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়ৰ ৰূপালী জয়ন্তী সমাৰোহৰ সামৰণি

চিলাপথাৰ বিজ্ঞান মহাবিদ্যালৰ ৰূপালী জয়ন্তী সমাৰোহৰ যোৱা ২৯ ডিচেম্বৰত সামৰণি পৰে (Silver Jubilee of Silapathar Science College)। ২৭ ডিচেম্বৰৰ পৰা অনুষ্ঠিত ৰূপালী জয়ন্তী উপলক্ষে বৰ্ণিল সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয় । উক্ত সমাৰোহত অংশগ্ৰহণ কৰি শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে প্ৰাক্ প্ৰাথমিক বিদ্যালয়ত জনজাতীয় ভাষাৰ শিক্ষকক সাহিত্য সভাসমূহৰ লগত আলোচনা কৰি নিযুক্তি দিয়া হ'ব বুলি উল্লেখ কৰে (Education Minister Dr Ranoj Pegu)। শিক্ষানুষ্ঠানসমূহে আগন্তুক দিনত কি কৰিব লাগে তাৰ ৰোডমেপ প্ৰস্তুত কৰিব লাগে বুলি তেওঁ মন্তব্য় কৰে । ইপিনে, নতুনকৈ প্ৰস্তাৱিত চিচিবৰগাঁও সমষ্টি সংৰক্ষণ মুক্ত হ'ব লাগে বুলি কয় । অনুষ্ঠানটোত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড৹ জিতেন হাজৰিকাই ৰেগিঙৰ ক্ষেত্ৰত ডিব্ৰুগড় বিশ্ববিদ্যালয় কৰ্তৃপক্ষই নমনীয় হোৱা নাই বুলি মন্তব্য় কৰি কয় যে কোনো ছাত্ৰৰ ওপৰত অন্যায় ভাৱে ব্যৱস্থা গ্ৰহণ কৰা নাই (VC of Dibrugarh University) । সামৰণি অনুষ্ঠানটোত উদযাপন সমিতিৰ সভাপতি বিধায়ক ভূৱন পেগু আৰু সাংসদ প্ৰদান বৰুৱাৰ লগতে কেইবাগৰাকী শিক্ষাবিদে অংশ গ্ৰহণ কৰে ।
Last Updated : Feb 3, 2023, 8:37 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.