thumbnail

By

Published : Nov 1, 2022, 10:21 PM IST

Updated : Feb 3, 2023, 8:31 PM IST

ETV Bharat / Videos

Construction Workers Union protest: লখিমপুৰত নিৰ্মাণ শ্ৰমিক সন্থাৰ বিক্ষোভ

ৰাজ্যত আকৌ প্ৰতিবাদী কাৰ্যসূচী (Protest in Assam) ৷ এইবাৰ ন্যায্য প্ৰাপ্তিৰ দাবীত প্ৰতিবাদত নামিল সদৌ অসম নিৰ্মাণ শ্রমিক সন্থা (Construction Workers Union protest)। মঙলবাৰে ৰাজ্যৰ বিভিন্ন জিলাত প্ৰাপ্য আদায়ৰ দাবীত সদৌ অসম নিৰ্মাণ শ্রমিক সন্থাৰ জিলা সমিতি সমুহে শ্ৰম বিষয়াৰ কাৰ্যালয়ত প্ৰতিবাদ সাব্যস্ত কৰে (Construction Workers Union protest at Lakhimpur)। ইয়াৰ অংশৰূপে লখিমপুৰতো নগৰৰ চি ডি ৰোডত থকা শ্ৰম বিষয়াৰ কাৰ্যালয়ত উত্তাল পৰিবেশ সৃষ্টি কৰে শ্রমিকসকলে । লখিমপুৰত সদৌ অসম নিৰ্মাণ শ্ৰমিক সন্থাৰ জিলা সমিতিয়ে প্ৰতিবাদ জনায় । কোনো অজুহাত নাৰাখি শিক্ষা বৃত্তি,স্বাস্থ্য পৰীক্ষাকে ধৰি অনাদায় সুবিধাসমূহ আদায় দিয়া, জিলা খনৰ নাৰায়ণপুৰত শ্ৰম বিষয়াৰ কাৰ্যালয়ত শ্ৰম পৰিদৰ্শক নিযুক্তি দিয়া, চলিত বৰ্ষৰ ১০ আগষ্টক আধাৰ কাৰ্ড সংযোগী তাৰিখ হিচাপে নিৰ্ধাৰণ কৰি অনাদায় সুবিধাসমূহ আদায় দিয়াৰ দাবীত শ্ৰমিকসকলে প্ৰতিবাদ কাৰ্যসুচী ৰূপায়ণ কৰে ।
Last Updated : Feb 3, 2023, 8:31 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.