Wedding Reception: প্ৰযোজক ৰমেশ তৌৰাণীৰ কন্যাৰ বিবাহৰ অভ্যৰ্থনাত বলীউড তাৰকা

By

Published : Feb 8, 2023, 5:27 PM IST

Updated : Feb 14, 2023, 11:34 AM IST

thumbnail

চিটাৰা ডেস্ক, 8 ফেব্ৰুৱাৰী : চলচ্চিত্ৰ প্ৰযোজক ৰমেশ তৌৰাণীয়ে মঙলবাৰে নিশা কন্যা ৰবীনা তৌৰাণীৰ বিবাহৰ অভ্যৰ্থনা অনুষ্ঠানৰ আয়োজন কৰে (Film producer Ramesh Taurani) । এক অন্তৰংগ অনুষ্ঠানত অপূৰ্ব সুদৰ সৈতে বিবাহপাশত আবদ্ধ হয় তৌৰাণী কন্যা (Film producer Ramesh Taurani family)। ঘনিষ্ঠ সকলৰ উপস্থিতিত হোৱা বিয়াৰ অন্তত ৰমেশে মুম্বাইত নৱবিবাহিত দম্পতীৰ বাবে এক গ্ৰেণ্ড ৱেডিং ৰিচেপচন অনুষ্ঠিত কৰে ।

ৰমেশ তৌৰাণীৰ কন্যাৰ বিয়াৰ অভ্যৰ্থনা অনুষ্ঠানত বলীউডৰ বহু নামী-দামী তাৰকা উপস্থিত থাকে (Film producer Ramesh Taurani daughter)। ৰবীনা তৌৰাণীৰ বিয়াৰ অভ্যৰ্থনাত আয়ুষ্মান খুৰানা, ৰবীনা টেণ্ডন, গোবিন্দা, চাংকি পাণ্ডে, সুনিল শেট্টী আৰু তেওঁৰ পুত্ৰ আহান শেট্টী আৰু শ্বৰৱৰী ৱাঘৰ দৰে চেলেব্ৰিটী সকল আকৰ্ষণীয় ষ্টাইলেৰে উপস্থিত হয় ।

চেলেব্ৰিটীৰ সকলৰ মাজত সকলোৰে দৃষ্টি আকৰ্ষণ কৰা কথাটো হ’ল সোনাক্ষী সিনহা উক্ত অভ্যৰ্থনা অনুষ্ঠানত জাহিৰ ইকবালৰ সৈতে উপস্থিত হয় । সোনাক্ষী আৰু ইকবাল বহু সময় ধৰি প্ৰেমৰ বাতৰিৰে চৰ্চাত আছে ৷ দুয়োৰে ভাল বন্ধু হুমা কুৰেশ্বি আৰু আয়ুষ্মান খুৰানাকো দেখা গ’ল উক্ত অনুষ্ঠানত ৷ সকলোৱে মিলি একেলগে ফটোৰ বাবে প’জ দিয়াও দেখা গৈছিল । লগতে এই অনুষ্ঠানত দেখা গৈছিল কিৰণ ৰাও আৰু চফী চৌধুৰীক । আকাংক্ষা ৰঞ্জন কাপুৰ, অনুষ্কা ৰঞ্জন আৰু তেওঁৰ স্বামী আদিত্য শীলো ৰবীনা তৌৰাণীৰ বিবাহৰ অভ্যৰ্থনা অনুষ্ঠানত উপস্থিত থাকে (celebs at Ramesh Taurani daughter reception) ।

লগতে পঢ়ক : Sid Kiara wedding: কিয়াৰাই পৰিধান কৰা কালীৰাৰ ওপৰতে চকু পৰিল সকলোৰে, কিন্তু কিয় জানো আহকচোন...

Last Updated : Feb 14, 2023, 11:34 AM IST

TAGGED:

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.