ফাইটাৰ মুক্তিৰ পূৰ্বে শ্ৰীভেংকটেশ্বৰ স্বামীৰ আশীৰ্বাদ বিচাৰি তিৰুমালাত উপস্থিত দীপিকা পাডুকন - দীপিকা পাডুকন
🎬 Watch Now: Feature Video


Published : Dec 15, 2023, 12:18 PM IST
চিটাৰা ডেস্ক, ১৫ ডিচেম্বৰ : অতি শীঘ্ৰেই মুক্তি পাব দীপিকা পাডুকন অভিনীত একচন থ্ৰিলাৰ ছবি ‘ফাইটাৰ’ ৷ এতিয়া ছবিখনৰ মুক্তিৰ পূৰ্বে বৃহস্পতিবাৰে ভগ্নী অনিশাৰ সৈতে ভগৱান ভেংকটেশ্বৰৰ আশীৰ্বাদ বিচাৰি তিৰুমালাত উপস্থিত হয় অভিনেত্ৰীগৰাকী ৷
সম্প্ৰতি তিৰুমালাৰ পৰা ছ’চিয়েল মিডিয়াত দীপিকাৰ বহু ভিডিঅ’ আৰু ছবি ভাইৰেল হৈ পৰিছে ৷ য’ত ভগ্নী অনিশাৰ সৈতে তিৰুমালাত উপস্থিত হোৱা দেখা গৈছে ৷ এই সময়চোৱাত দীপিকাই পৰিধান কৰিছিল ছালৱাৰ চুট । শুকুৰবাৰে পুৱাই দীপিকাই কলিযুগৰ প্ৰত্যাহ্বানৰ পৰা মানৱ জাতিক উদ্ধাৰৰ বাবে পৃথিৱীলৈ অৱতৰণ কৰা বিষ্ণুৰ অৱতাৰ বুলি বিশ্বাস কৰা ভেংকটেশ্বৰক উৎসৰ্গিত শ্ৰীভেংকটেশ্বৰ স্বামী মন্দিৰত প্ৰাৰ্থনা কৰে ।
ভাৰতৰ অন্ধ্ৰপ্ৰদেশৰ তিৰুপতি জিলাৰ পাহাৰীয়া চহৰ তিৰুমালাত অৱস্থিত তিৰুপতী ভেংকটেশ্বৰ মন্দিৰটোক প্ৰায়ে কলিযুগৰ বৈকুণ্ঠপুৰী বুলি কোৱা হয় । ইফালে দীপিকাৰ আগন্তুক ছবি ফাইটাৰ ২০২৪ চনৰ ২৫ জানুৱাৰীত ছবিগৃহত মুক্তি পাব ।
লগতে পঢ়ক : ছবি মুক্তিৰ পূৰ্বে বৈষ্ণো দেৱীৰ আশীৰ্বাদ ল’লে শ্বাহৰুখ খানে, এবছৰত তৃতীয়বাৰৰ বাবে মন্দিৰ দৰ্শন