thumbnail

By

Published : Apr 10, 2023, 10:06 PM IST

ETV Bharat / Videos

Crime in Nalbari: নৱ বিবাহিতাৰ ৰহস্যজনক মৃত্য়ু; পৰিয়ালে তুলিছে হত্যাৰ অভিযোগ

নলবাৰী, ১০ এপ্ৰিল: নলবাৰী জিলাৰ উলাবড়ীত সংঘটিত হৈছে এক ৰহস্যজনক আত্মহত্যাৰ ঘটনা । উলাবড়ীত নৱ বিবাহিতা বোৱাৰীৰ আত্মহত্যাৰ ঘটনা সংঘটিত হৈছে (Suicide case in Nalbari)। উল্লেখ্য় যে, উলাবড়ীৰ নয়ন তালুকদাৰৰ লগত ১১ মাহ পূৰ্বে পলাই আহিছিল বিহদিয়াৰ এগৰাকী যুৱতী । কিন্তু দেওবাৰে যুৱতীগৰাকীয়ে আত্মহত্যা কৰাৰ পিচতেই চাঞ্চল্যৰ সৃষ্টি হৈছে ।  

ইপিনে,আত্মহত্যাৰ পিচতেই স্বামী পৰিয়ালৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে বোৱাৰীগৰাকীৰ পিতৃ পৰিয়ালে (Allegation of murder in Ulabori in Nalbari)। বোৱাৰীগৰাকীৰ পৰিয়ালৰ লোকে এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি অভিযোগ কৰে । ইতিমধ্য়ে বোৱাৰীগৰাকীৰ পিতৃ পৰিয়ালে স্থানীয় কমাৰকুছি আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰিছে (Kamarkuchi Police Station)। আনহাতে, চিপ লৈ আত্মহত্যাৰ পিছত স্বামী পৰিয়ালে আৰক্ষীক অৱগত নকৰাকৈ চিকিৎসালয়লৈ নিয়াকলৈও ৰহস্য়ৰ সৃষ্টি হৈছে ।

লগতে পঢ়ক:Dead after consuming poisonous mushrooms : বিষাক্ত কাঠফুলাৰ বাবে ঘাট মাউৰা হোৱা আঠমহীয়া শিশুক লৈ চিন্তিত স্থানীয় ৰাইজ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.